শ্বহীদ মকুন্দ কাকতি বিদ্যাপীঠ হাইস্কুলত শ্বহীদ মকুন্দ কাকতিৰ ৮২ সংখ্যাক স্মৃতি দিৱস উদযাপন৷

শ্বহীদ মকুন্দ কাকতি বিদ্যাপীঠ হাইস্কুলত শ্বহীদ মকুন্দ কাকতিৰ ৮২ সংখ্যাক স্মৃতি দিৱস উদযাপন৷

বাহাৰঘাটঃ নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ ৰনাকুছিত অবস্থিত শ্বহীদ মকুন্দ কাকতি বিদ্যাপীঠ হাইস্কুলত আজি পূৱাৰে পৰা ৪২ ৰ শ্বহীদ মকুন্দ কাকতিৰ ৮২ সংখ্যাক স্মৃতি দিৱস উদযাপন কৰে৷ ১৯৭১ চনত অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ একান্ত প্ৰচেষ্টাত উক্ত বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল৷ প্ৰতিষ্ঠা কালৰে পৰা শিক্ষানুষ্ঠান খনে বীৰ শ্বহীদ গৰাকীৰ মৃত্যু দিনটো শ্বহীদ দিৱস হিচাবে উদযাপন কৰি আহিছে৷

আজি পূৱা বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধানশিক্ষক বিপূল চন্দ্ৰ ডেকাই পতাকা উত্তোলনৰে ৮২ সংখ্যাক শ্বহীদ দিবসৰ কাৰ্য্যসূচী আৰম্ভ কৰে৷ ইয়াৰ পিচতে শ্বহীদ মকুন্দ কাকতি বিদ্যাপীঠ হাইস্কুলৰ অৱসৰি কৰ্মচাৰী ৰফিক চৌধুৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ উপসভাপতি ৰমেন ডেকাই শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিচতে অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দিলীপ ডেকাই।

সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফনীধৰ ডেকাই শ্বহীদ গৰাকীৰ দেশপ্ৰেমৰ বিৰল দিশৰ ওপৰত বিশ্লেষণ কৰে৷ সভাত বিদ্যালয়ৰ একাংশ ছাত্ৰছাত্ৰীৰ লগতে শিক্ষক সকলে ও শ্বহীদ গৰাকীৰ গুনানুকীৰ্তনৰে বক্তব্য দিয়ে৷