শোণিতপুৰ জিলাৰ তেজপুৰ সমষ্টিত মহা জনসম্পৰ্ক অভিযান আৰম্ভ

ভাৰতীয় জনতা পাৰ্টি প্ৰতিটো প্ৰান্তত দলীয় বিষয়ববীয়াসকলে জনসাধাৰণৰ সৈতে সু-সম্পৰ্ক গঢ়াৰ উদ্দেশ্যে ‘মহা জনসম্পৰ্ক অভিযান’ শীৰ্ষক এক অভিযান আৰম্ভ কৰিছে। ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনৰ বিভিন্ন সময়ত সাধাৰণ জনতাৰ সমালোচনা সন্মুখীন হোৱা দেখা গৈছে, সেয়া ২৪ লোকসভা নিৰ্বাচনৰ আগে আস্থা লাভ কৰাটৱেই হ’ল এই জনসম্পৰ্ক অভিযানৰ মূল উদ্দেশ্য।

আজি শোণিতপুৰ জিলাৰ তেজপুৰ সমষ্টিৰ অন্তৰ্গত প্ৰজাপতি বিবাহ ভৱনত অনুষ্ঠিত হোৱা তেজপুৰ সমষ্টিৰ মৰ্চা সন্মিলনত এই সম্পৰ্কে আলোচনা কৰা হয় । ৰাজ্যৰ প্ৰতিটো প্ৰান্তত সবল ভাবে চলি থকা জনসম্পৰ্ক অভিযান সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে আজি অনুষ্ঠিত হোৱা মৰ্চা সন্মিলন খনত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সাধাৰণ সম্পাদক তথা তেজপুৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি শোণিতপুৰ জিলাৰ সভাপতি বাতাছ ওৰাং ডাঙৰীয়া প্ৰমুখ্যে দলীয় বিষয়ববীয়া সকল।

Leave a Reply

Your email address will not be published. Required fields are marked *