বাহাৰঘাটঃ ৮৯ গৰাকী শিক্ষাৰ্থীৰ নামভৰ্তিৰে শুভাৰম্ভ কৰা হ’ল নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ পাঠ্যক্ৰম।
ঘগ্ৰাপাৰৰ দক্ষিণগাঁওস্থ চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষৰ এম বি বি এছ পাঠ্যক্ৰমৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। শুভাৰম্ভ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই।
শুভাৰম্ভণিৰ পূৰ্বে শিক্ষাৰ্থী সকলক শপত বাক্য পাঠ কৰোৱাই মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ বাবুল বেজবৰুৱাই। পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই শিক্ষাৰ্থী সকলক শপতৰ প্ৰতিটো শব্দ মনত ৰাখি অধ্যয়ন কৰাৰ লগতে চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে আনহাতে শিক্ষাৰ্থীসকলল অহা ১৭ ছেপ্তেম্বৰত ৰাজ্য চৰকাৰে আৰম্ভ কৰিব লগা অমৃত বৃক্ষ আন্দোলনৰ অংশীদাৰ হ’বলৈয়ো জনাই আহ্বান। উল্লেখ্য যে গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটোত উপস্থিত থাকে জিলা আয়ুক্ত বৰ্ণালী ডেকা, এচ পি সুধাকৰ সিঙ, ৰাজ্য চৰকাৰৰ যুটীয়া স্বাস্থ্য সঞ্চালক তনবীৰ আলম, নলবাৰী সংস্কৃত আৰু পূৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অধ্যক্ষ প্ৰহ্লাদ যোশীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি।