শিৱসাগৰঃ শিৱসাগৰ ৰূপহীমুখত চূড়ান্ত বিসংগতিপূৰ্ণভাৱে চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰাত বাৰুকৈয়ে জীয়াতু ভুগিছে ৰাইজে।
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেনযুক্ত পথলৈ উন্নীতকৰণৰ কাম কৰোঁতে যাতায়াতৰ বাবে এটা কাষ বা দিশত সুচল কৰি ৰাখিব লাগিছিল যদিও বৰ্তমান দুয়ো কাষে বিধ্বস্ত হৈ পৰাত নিতৌ সংঘটিত হৈছে পথ দুৰ্ঘটনা।
বিশেষকৈ নতুনকৈ নিৰ্মাণ কৰা চাৰিলেনযুক্ত পথৰ প্ৰায় এক কিলোমিটাৰ যাতায়তৰ বাবে মুকলি কৰি দিয়াৰ পিছতে ভাগি যোৱাত নিৰ্মাণত যে চূড়ান্ত বিসংগতি ৰৈ গৈছে সেয়া স্পষ্ট হৈ পৰিছে।
ইয়াৰ পৰিপ্ৰেক্ষিতত চাৰিলেনযুক্ত পথৰ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। লগতে উচিত তদন্তৰ দাবী তুলিছে।
ইপিনে চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী ঠিকাদাৰ প্ৰতিষ্ঠানে জে চি বি লগাই থাকোঁতেই অসাৱধানৱশত জলজীৱন মিছন আঁচনিৰ পাইপ ফাটি যোৱাত এক পষেক ধৰি খোৱা পানী যোগান বন্ধ হৈ আছে। তৎকালীনভাৱে পুনৰ পানী যোগানৰ ব্যৱস্থা নকৰাটো ক্ষোভ প্ৰকাশ কৰিছে ৰূপহীমুখবাসীয়ে।
তদুপৰি জাঁজীৰ পৰা ডিমৌলৈকে ৪৪ কিলোমিটাৰ চাৰিলেনযুক্ত পথৰ নিৰ্মাণকাৰ্য অতি লেহেমীয়া হোৱাৰ ফলত ৰাইজে বছৰৰ পিছত বছৰ দুৰ্ভোগ ভুগিছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষ নীৰৱ দৰ্শক হৈ থকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।