ৰাজ্যত মাৰাত্মক ড্ৰাগছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সম্প্ৰত্তি একাংশ নৱ প্ৰজন্মৰ নিচাত পৰিণত হোৱা মৰাত্মক বিহ সদৃশ ড্ৰাগছৰ কৱলত পৰি পৰিৱেশ বিনষ্ট কৰাত দূগুণ অৰিহণা যোগাইছে ড্ৰাগছ সৰবৰাহকাৰী তথা ড্ৰাগ্ছ মাফিয়া চক্ৰই।নৱ প্ৰজন্মক ধ্বংস গৰাহলৈ নিয়া নিষিদ্ধ বৰবিহ সদৃশ ড্ৰাগছৰ কৱলৰ পৰা উদ্ধাৰ কৰাৰ মানসৰে উঠি পৰি লগা পৰিলক্ষিত হৈছে শিৱসাগৰ সদৰ আৰক্ষী প্রশাসন। শিৱসাগৰ সদৰ আৰক্ষী প্রশাসনৰ নগৰ পৰিদৰ্শক বিষয়া নৱ জ্যোতি দাসৰ নেতৃত্বত এটি দলৰ গোপন অভিযানত আটক কৰিবলৈ সক্ষম হয় দুটাকৈ কুখ্যাত ড্ৰাগছ মাফিয়া চক্ৰক। এদিনৰ পূৰ্বে শিৱসাগৰৰ আমগুৰি দিখৌ দলৰ সমীপৰ পৰা পশ্চিম যমুনা ৰোডৰ নিৱাসী ৰজনী দাস ওৰফে কে কে নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আবেলি সময়ত ৪. ৯ গ্ৰাম ড্ৰাগছ সহ জব্দ কৰাৰ লগতে আটক কৰি জেললৈ প্ৰেৰণ কৰি সেই সন্দৰ্ভত আৰু এক বিশেষ অভিযান চলোৱাত জড়িত সমীপৰ বাবুপট্টি অঞ্চলৰ আব্দুল মুস্তাক ওৰফে জিম্পী নামৰ আন এক কুখ্যাত ড্ৰাগছ মাফিয়া চক্ৰক আটক কৰে। আৰক্ষী প্রশাসনৰ অভিযানত দুই কুখ্যাত ড্ৰাগছ মাফিয়া চক্ৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৭০/২৩ আৰু ধাৰা ২১বি এন ডি পি এছৰ অধীনত গোচৰ পঞ্জীয়নৰ ভিত্তিত আটক কৰি জেললৈ প্ৰেৰণ কৰা হয়। উল্লেখ যোগ্য যে আটক কৰা কুখ্যাত ড্ৰাগছ মাফিয়া আব্দুল মুস্তাক ওৰফে জিম্পীক বিগত বৰ্ষতো শিৱসাগৰ আৰক্ষী প্রশাসনে ড্ৰাগছৰ ৰমৰীয়া বেহা চলাই থকাৰ অৱস্থাত নগৰৰ সমীপৰ গৌৰৱ নগৰৰ পৰা কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছসহ জব্দ কৰি জেললৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিল যদিও মুকলি আকাশৰ তলত আহি পুনৰ ৰমৰীয়া বেহা চলাই থকাত নগৰ পৰিদৰ্শক বিষয়া নৱ জ্যোতি দাসৰ নেতৃত্বত চলোৱা গোপন অভিযানৰ ভিত্তিত বহু নৱ প্ৰজন্মৰ ভৱিষ্যত ধ্বংস গৰাহৰ ঠেলি দিয়া চক্ৰটোক পুনৰ আটক কৰি জেললৈ প্ৰেৰণ কৰিবলৈ সক্ষম হ’য়।