শিৱসাগৰ সংমণ্ডল কাৰ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণঃ সদৌ অসম ছাত্র সন্থাৰ শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ

শিৱসাগৰত বিদ্যুতৰ লুকাভাকু । এই আহে এই যায় ৷ ভাদ মাহৰ গৰমত বিলৈৰ অন্ত নোহোৱা হৈছে ৰাইজৰ।

শিৱসাগৰঃ বিদ্যুতৰ এনে অনিয়মীয়া সৰবৰাহক লৈ আজি সৰৱ হৈ পৰে সদৌ অসম ছাত্র সন্থাৰ শিৱসাগৰ আঞ্চলিকৰ।

আজি শিৱসাগৰ আঞ্চলিক আছুৱে নগৰত এক প্ৰতিবাদী সমদল বাহিৰ কৰি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ শিৱসাগৰ সংমণ্ডল কাৰ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

“অসম চৰকাৰ হায় হায়”‘, “শক্তি মন্ত্ৰী নিপাত যাওঁক”, “বিদ্যুৎ সৰৱৰাহ নিয়মীয়া কৰক” আদি শ্ল’গান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে আছুৱে। উন্নয়নৰ ফটা ঢোল বজোৱা বিজেপি চৰকাৰে ৰাইজৰ নূন্যতম প্ৰয়োজনীয় বিদ্যুৎ যোগান নিয়মীয়া কৰিব নোৱাৰাক লৈ তীব্ৰ সমালোচনা কৰি আগন্তুক দিনত বিদ্যুৎ সৰৱৰাহ নিয়মীয়া কৰাৰ দাবী উত্থাপন কৰে।