শিৱসাগৰ বিধানসভা সমষ্টিৰ নাওঁজান গাঁৱক কোনো এখন চৰকাৰী আঁচনিয়ে ঢুকি নাপায়

শিৱসাগৰঃ শিৱসাগৰ বিধানসভা সমষ্টিৰ নাওঁজান গাঁৱক কোনো এখন চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱাত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে।

উন্নয়নৰ মুখ নেদেখা ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গাওঁখনত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। ইয়াৰ উপৰিও আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে ৰাইজে। প্ৰৱেশ নিষিদ্ধ কৰিছে বিধায়ক অখিল গগৈৰ আৰু সাংসদ তপন কুমাৰ গগৈৰ।

বিশেষকৈ গাওঁখনৰ মূল পথটো বৰষুণ দিলেই একাঁঠু পৰ্যন্ত বোকা হয়। ইয়াৰ পিছতো নীৰৱ দৰ্শক হৈ আহিছে জনপ্ৰতিনিধি সকল, নীৰৱ হৈ আহিছে চৰকাৰী বিভাগ।