শিৱসাগৰ বাকচু খেলুৱা গাঁৱত প্ৰধান শিক্ষকে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ

শিক্ষাগুৰু আৰু শিক্ষাৰ্থীৰ মাজত থকা পবিত্ৰ শৈক্ষিক সম্বন্ধত পুনৰ কালিমা সনাৰ অপচেষ্টা এজন প্ৰধান শিক্ষাগুৰুৰ।

শিৱসাগৰঃ অসমৰ অৰুণোদয় পীঠস্থানস্বৰূপ ঐতিহ্যমণ্ডিত শিৱসাগৰত ইজন পাছত সিজন কৈ শিক্ষা গুৰুৱে শিক্ষাৰ্থীৰ লগত যৌন নির্যাতন তথা যৌন আতিশয্য চলোৱাত লিপ্ত হৈ পৰা ঘটনা পোহৰলৈ আহিছে।

মাত্ৰ কেইটা মান দিন অতিক্ৰম নহওঁতেই পুনৰ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ জ্ঞান মন্দিৰ স্বৰূপ বিদ্যালয়ত পুনৰ আন এক যৌন নির্যাতন চলোৱা ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে শিক্ষাৰ্থীৰ অভিভাৱকে।

শিৱসাগৰ বাকচু খেলুৱা গাঁৱত জঘন্য কাণ্ড। এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাকলৈ আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

শৰৎ লিকচন নামৰ প্ৰধান শিক্ষক জনে হৰণ অংক কৰিবলৈ দি গোপন অংগত স্পৰ্শ কৰি যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।কেইবাদিনো এনে কাণ্ড সংঘটিত কৰি ছাত্ৰী গৰাকীক ভয় ভাবুকিৰে গাপ দি আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে।

আন দিনাৰ দৰে যোৱা বুধবাৰেও প্ৰধান শিক্ষক জনে গোপন অংগত স্পৰ্শ কৰাৰ পিছত কান্দোনত ভাগি পৰে ছাত্ৰী গৰাকী। ছাত্ৰী গৰাকী ঘৰত গৈ কান্দি থাকোঁতেই পিতৃয়ে দেখাত পোহৰলৈ আহে প্ৰধান শিক্ষক শৰৎ লিকচনৰ অসৎ কৰ্ম।

লগে লগে ছাত্ৰী গৰাকীৰ পিতৃয়ে প্ৰধান শিক্ষক জনলৈ ফোন কৰাত অপকৰ্মৰ বিষয়ে একপ্ৰকাৰৰ স্বীকাৰ কৰাৰ লগতে ঘটনাটো বাহুল্য নকৰিবলৈ কাকুতি- মিনতি কৰে। কিন্তু এগৰাকী কণমানি ছাত্ৰীক এনে নিৰ্যাতন চলোৱাত পিতৃ মাতৃৰ লগতে ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ।

ইতিমধ্যে থানাত এই সন্দৰ্ভত ছাত্ৰী গৰাকীৰ পিতৃয়ে এজাহাৰ দাখিল কৰাত পলায়ন কৰি ফুৰিছে লম্পট প্ৰধান শিক্ষাগুৰুৱে। আৰক্ষীয়ে শৰৎ লিকচনক বিচাৰি বাকচু মৌপিয়া গাঁৱলৈ যায় যদিও কৰায়ত্ত কৰাত ব্যৰ্থ হয়।

হৰণ অংক বুজোৱাৰ চেষ্টাৰে শৰৎ লিকচনে অসৎ চৰিতাৰ্থ পূৰণ কৰিব বিচৰা কাৰ্যক স্থানীয় ৰাইজে তীব্ৰ গৰিহণা দিয়াৰ লগতে শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনাইছে।

উক্ত সংঘটিত ঘটনাটোক লৈ একাংশ শৈক্ষিক মহলৰ মাজতো ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । যি সময়ত শিক্ষা শিক্ষা মন্ত্রী আৰু মুখ্য মন্ত্ৰীয়ে শিক্ষা ব্যৱস্থাৰ উন্নয়ন সাধনৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে আৰু পবিত্ৰ বিত্তিত নিয়োজিত একাংশ শিক্ষাগুৰুসকলক কু-কৰ্মত লিপ্ত হৈ শিক্ষা ব্যৱস্থাটোক কালিমা নাসানিবলৈ কঠোৰ সকীয়নি দিয়াৰ লগতে বিভিন্ন নীতি -নিৰ্দেশনা জাৰি কৰি আছে , তেনেসময়তো একাংশ শিক্ষাগুৰুৱে শৈক্ষিক সমাজ আৰু পৰিৱেশ গঢ় দিয়াৰ নামত অংগুষ্ঠ প্ৰদৰ্শন কৰি কু-কৰ্ম লিপ্ত হৈ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে শিক্ষাগুৰু আৰু শিক্ষাৰ্থীৰ মাজত কালিমা সনাৰ অপচেষ্টাৰ অঘোষিত প্ৰতিযোগিতা যেন অব্যাহত ৰাখিছে ! এনে ধৰণৰ কাণ্ড সংঘটিত কৰা শিক্ষাগুৰু সকলৰ প্ৰতি আইন প্ৰশাসন তথা শিক্ষা বিভাগে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সময়তহে লক্ষণীয় হব।