শিৱসাগৰ প্ৰেছ ক্লাবত “যৌথ সংগ্ৰামী মঞ্চ”ৰ সংবাদমেল।

শিৱসাগৰ প্ৰেছ ক্লাবত “যৌথ সংগ্ৰামী মঞ্চ”ৰ সংবাদমেল

শিৱসাগৰঃ ১৮ টা সংগঠনৰ একত্ৰিত মঞ্চ “যৌথ সংগ্ৰামী মঞ্চ।”

অ’ এন জি চিত লঘু গাড়ী যোগানৰ নিবিদা বাতিলৰ বিৰুদ্ধে ক্ষোভ।

১৮ ছেপ্টেম্বৰত বাতিল কৰিছিল নিবিদা।

৩৭২ খন গাড়ী অ’এন জি চিয়ে নিবিদা প্ৰক্ৰিয়াৰে গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল।

২৬ জুলাইতে নিবিদাৰ বাবে আৱেদন বিচাৰি বিজ্ঞাপন দিছিল অ’ এন জি চিয়ে ।

মূৰকত নিবিদা বাতিল কৰাত ক্ষোভ প্ৰকাশ যৌথ সংগ্ৰামী মঞ্চৰ।

চলিত নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ বাতিল নকৰি কিছু সংশোধন কৰি লটাৰীৰ ব্যৱস্থা কৰাৰ দাবী যৌথ সংগ্ৰামী মঞ্চৰ।

নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে ইতিমধ্যে তিনি সহস্ৰাধিক নিৱনুৱাই ২০-২৫ হেজাৰ টকাকৈ খৰচ কৰা বুলি ক্ষোভ প্ৰকাশ।

নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে আৱেদন কৰা প্ৰতিগৰাকীকে ক্ষতিপূৰণ হিচাপে ২০ হেজাৰ টকাকৈ প্ৰদানৰ দাবী।

এই দাবীৰে অহা বৃহস্পতিবাৰে শিৱসাগৰত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ কথা ঘোষণা মঞ্চৰ।

তিনিদিনৰ ভিতৰতে ক্ষতিপূৰণ দিয়াৰ দাবী।‌

ক্ষতিপূৰণ নিদিলে নিবিদা কোনো কাৰণতে বাতিল কৰিব নোৱাৰিব বুলি হুংকাৰ মঞ্চৰ ।

শিৱসাগৰ জিলাত অ’ এন জি চিৰ সকলো কাম কাজ বন্ধ কৰি দিয়াৰ হুংকাৰ।‌