শিৱসাগৰ নাজিৰা গেলেকীৰ এন,চি,পি দলৰ এজন জ্যেষ্ঠ নেতা মুক্তাৱ ৰাজখোৱাৰ আজি পৰলোকপ্ৰাপ্তি ঘটে।
গেলেকী ন আলিৰ ব্ৰাহ্মণ গাঁৱৰ মুক্তাৱ ৰাজখোৱা ওৰফে মুকুলি আৰু এই পৃথিৱীত নাই।
আজি কৃষি পথাৰত কৰ্মত ব্যস্ত থকাৰ সময়তে হঠাৎ উচ্চ ৰক্তচাপ জনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে।
সদৌ অসম ছাত্ৰ সন্থাৰ এসময়ত গেলেকী উপ আঞ্চলিকৰ প্ৰতিষ্ঠাপক সদস্য আছিল প্ৰয়াত মুক্তাৱ ৰাজখোৱা।
প্ৰয়াত মুক্তাৱ ৰাজখোৱা এন,চি,পি দলৰ শিৱসাগৰ জিলাৰ কোষাধ্যক্ষ দায়িত্বত আছিল।
ইয়াৰোপৰি সদৌ অসম ছাত্ৰ সন্থাৰ ৭ বছৰীয়া আন্দোলনৰ এজন সংগ্ৰামী সত্তা আছিল প্ৰয়াত মুক্তাৱ ৰাজখোৱা।
প্ৰাক্তন লোকসভাৰ অধ্যক্ষ পি এ চাংমাইৰ নেতৃত্বত আঞ্চলিক ৰাজনীতিৰ পৰা এন চি পি দলত যোগদান কৰিছিল প্ৰয়াত মুক্তাৱ ৰাজখোৱাই।
দিল্লী, গুজৰাট, চুৰাট আৰু নাগপুৰত অনুষ্ঠিত এন চি পি দলৰ ৰাষ্ট্ৰীয় অভিৱৰ্তনত ৰাজ্যিক প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিছিল প্ৰয়াত মুক্তাৱ ৰাজখোৱাই।
তেখেতৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছা পৰিছে।
এন,চি,পি দলৰ ৰাজ্যিক নেতৃত্বৰ লগতে অসমৰ বিভিন্ন জিলা বিষয়ববীয়া সকলে আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।