শিৱসাগৰ নাজিৰা গেলেকীৰ এটা পথে জলা কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক
সদাব্যস্ত গেলেকী চাৰিআলি মাজ মজিয়াৰ এটা পথে সাধাৰণ ৰাইজৰ লগতে বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ-ছাত্ৰীক জলা কলা খুৱাইছে।
এই পথটোৱে হৈছে শিৱসাগৰ গেলেকী চাৰিআলিৰ মাজ মজিয়াৰ পথ।
দৈনিক এই পথেদি হাজাৰ হাজাৰ যান বাহন চলাচল কৰে।
তাৰোপৰি এই পথেদি গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে কেইবাখনো বিদ্যালয় মহাবিদ্যালয়লৈ যাতায়ত কৰে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী আৰু সৰ্বসাধাৰণ ৰাইজ।
কিন্তু সাধাৰণ এজাক বৰষুণত পুখুৰী সদৃশ হৈছে এই পথটি। তথাপিও কাণ সাৰ নাই নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ। কাণ সাৰ নাই গড় কপ্তানী বিভাগৰ। কাণ সাৰ নাই পঞ্চায়ত প্ৰতিনিধিৰ।
উপায়ন্তৰ হৈ ক্ষোভিত পথচাৰীৰ লগতে গেলেকী ছাত্ৰ সন্থা ।
অতি শীঘ্ৰে সাধাৰণ জনতা আৰু ছাত্ৰ -ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি পথটি মেৰামতি কৰিবলৈ আহ্বান জনায় গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই ।