শিৱসাগৰ নাজিৰাৰ এটা জৰাজীৰ্ণ পথকলৈ ৰাইজৰ ক্ষোভ

শিৱসাগৰ নাজিৰাৰ এটা জৰাজীৰ্ণ পথ ।

পথ নহয় যেন খেতি পথাৰহে, নাজিৰা মহকুমাৰ গেলেকীৰ এখন গাৱঁৰ অতি জৰাজীৰ্ণ এটা পথ ।

যাতায়াতত যমৰ যাতনা ভোগী অহা ৰাইজৰ ক্ষোভ ।
শীৰ্ঘ্ৰে নিৰ্মাণ নকৰিলে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ।

নাজিৰাৰ গেলেকীৰ ন-পাম বাৰুৱতি গাওঁ পঞ্চায়তৰ অন্তৰ্গত তল বচা গাঁৱৰ পথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে গাওঁ খনৰ ৰাইজক। শতাধিক পৰিয়ালে বসবাস কৰি অহা গাওঁ খনৰ বাটচোৱা আজি পৰ্যন্ত কেঁচা হৈ থকাৰ ফলত এজাক বৰষুণৰ পিছতেই যাতায়তৰ অনুপযোগী হৈ পৰে। যাৰ ফলত গাওঁ খনৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকল বিদ্যালয়লৈ অহা যোৱা কৰা অথবা গাঁওবাসীয়ে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে।

ুীীীীীী৩৩

বহুবাৰ আবেদন নিবেদন কৰিও পথচোৱা নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাত এতিয়া ক্ষোভিত হৈ পৰাৰ লগতে পথচোৱা অনতিপলমে নিৰ্মাণ কৰি নিদিলে ভোটদানৰ পৰা বিৰত থাকিব বুলি হুংকাৰ দিয়ে গাঁওবাসীয়ে।