শিৱসাগৰ ডিমৌ ৰাজহুৱা খেলপথাৰত এদিনীয়াকৈ অনুষ্ঠিত হৈছে ইণ্ডো-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতা

শিৱসাগৰঃ শিৱসাগৰ ডিমৌ ৰাজহুৱা খেলপথাৰত এদিনীয়াকৈ অনুষ্ঠিত হৈছে ইণ্ডো-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতা।

অসমত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে ইণ্ডো-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতা। শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহুৱা খেলপথাৰত এদিনীয়াকৈ অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতাখন। এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিছে বাংলাদেশৰ পুৰুষৰ দলে।

অসমত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ইণ্ডো-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে ভাৰত চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।

উক্ত খেলখনৰ আৰম্ভণিতে স্থানীয় শিল্পীসকলে বিভিন্ন নৃত্য প্ৰদৰ্শন কৰি উপস্থিত ৰাইজৰ লগতে বাংলাদেশ আৰু ভাৰতৰ খেলুৱৈ সকলক স্বাগতম জনায়।

দুয়োখন দেশৰ মাজত হোৱা বন্ধুত্বমূলক হেণ্ডবল খেলখনত বাংলাদেশ ৫৪ আৰু ভাৰত ৪৯, তুমুল প্ৰতিদন্দিতাৰ অন্তত ৫ গ’লৰ ব্যৱধানত বাংলাদেশে জয়লাভ কৰে।