শিৱসাগৰ জিলা স্বাস্থ্য সেৱা সমিতিৰ উদ্যোগত আয়ুস্মান কাৰ্ডৰ আনুষ্ঠানিক বিতৰণৰ শুভাৰম্ভ।

শিৱসাগৰ জিলা স্বাস্থ্য সেৱা সমিতিৰ উদ্যোগত জয়ডয়াল খেমকা মাতৃ সেৱা সদনত আয়ুস্মান কাৰ্ডৰ আনুষ্ঠানিক বিতৰণৰ শুভাৰম্ভ ।

শিৱসাগৰ জিলা অতিৰিক্ত উপায়ুক্ত গিতালী দুৱৰা, মহকুমা স্বাস্থ্য বিষয়া ডা.প্ৰদীপ বৰ্মন, চিকিৎসক ডা.গায়ত্ৰী সেনাপতিকে আদি কৰি জিলা স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা. ভূপেন্দ কুমাৰ দাসৰ উপস্থিতত এক গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় এই অনুষ্ঠানৰ ।

শিৱসাগৰ জিলাৰ ৩ লাখ ৫৩ হেজাৰ হিতাধিকাৰীৰ মাজত আজিৰে পৰা আনুষ্ঠানিক ভাৱে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনৰ আয়ুষ্মান ভাৰত কাৰ্ড বিতৰণ আৰম্ভ কৰা হৈছে ।

এই উপলক্ষে আজি শিৱসাগৰ নগৰৰ খেমকা মাতৃ সদনত অনুষ্ঠিত এক অনুষ্ঠানত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ১০ গৰাকী হিতাধিকাৰীৰ মাজত আনুষ্ঠানিক ভাৱে এই কাৰ্ড বিতৰণ কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ।

এই কাৰ্ডৰ বাবে জিলা খনৰ ৩ লাখ ৮৮ হেজাৰ হিতাধিকাৰী নিৰ্বাচিত হৈছে যদিও ইয়াৰে প্রায় ৩৫ হেজাৰ হিতাধিকাৰীয়ে আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ড সংযোগ কৰিব পৰা নাই। কাৰিকৰী বিসংগতিৰ বাবে বৰ্তমান এই কাৰ্ড জিলা খনৰ ৩ লাখ ৫৩ হেজাৰ হিতাধিকাৰীয়ে লাভ কৰিব। এই ৩০ হেজাৰ হিতাধিকাৰীয়ে পৰৱৰ্তী পৰ্যায়ত এই কাৰ্ড লাভ কৰিব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৰেচন কাৰ্ড থকা পৰিয়াল সমূহক চৰকাৰে প্ৰদান কৰা এই সুবিধা অনতিপলমে লবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে এই কাৰ্ডৰ সহায়ত দুখীয়া ৰাইজে ৫ লাখ টকা পৰ্যন্ত চিকিৎসা সেৱা বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত গীতালি দুৱৰা, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডঃ ভূপেন্দ্ৰ কুমাৰ দাস আদিকে ধৰি স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।