শিৱসাগৰ জিলাৰ বানমুখ মটক গোহাঁই গাঁৱত উদযাপন কাতি বিহু

শিৱসাগৰঃ আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা চহা অসমীয়া কৃষিজীৱি ৰাইজে প্ৰতিবছৰে পালন কৰি আহিছে কাতি বিহু। কৃষি সম্পৰ্কীয় বিশ্বাস,ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ সৈতে নিবিড় ভাৱে জড়িত হৈ আছে চহা অসমীয়াৰ।

শিৱসাগৰ জিলাৰ বানমুখ মটক গোহাঁই গাঁৱতো ৰাইজে উদযাপন কৰিছে কাতি বিহু।

আহিন মাহতেই কৃষকৰ ধাননি পথাৰখন হৈ পৰে সেউজীয়া,লখিমী সগৰ্ভা হৈ পৰে। গাঁ‌ৱে-ভূঞে চহা কৃষিজীৱি ৰাইজ কাতি বিহুক লৈ ভীষণ ব্যস্ত । কাতি বিহুৰ এই সময়ছোৱাত কৃষকৰ ভঁৰালৰ ধান শেষ হয়, কৃষক হৈ পৰে কঙাল।

সেয়ে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। এই সময়ছোৱাতে ধাননি পথাৰত লহপহকৈ ধান ওলাই আৰু বিভিন্ন কীট-পতংগই সেইসূমহ ধান বিনষ্ট কৰে।

সেয়ে এই কীট-পতংগ সমূহ যাতে চাকিৰ পোহৰত নাশ হয় সেই উদ্দেশ্যেৰে সন্ধ্যালৈ তুলসী গছৰ তলত আৰু ধাননি পথাৰত জ্বলোৱা হয় চাকি।

দিনৰ সকলো ব্যস্ততাৰ অন্তত সন্ধিয়া হোৱাৰ লগে লগেই প্ৰতিঘৰৰ চোতালত তুলসীৰ তলত জ্বলি উঠে চাকিবন্তি, জীয়ৰী বোৱাৰী আৰু আইমাতৃ সকলে ঘৰৰ চোতালৰ তুলসীৰ তলত কৰে প্ৰাৰ্থনা । শিৱসাগৰ জিলাৰ বানমুখ মটক গোহাঁই গাঁৱতো ৰাইজে উদযাপন কৰিছে কাতি বিহু।