বিদ্ধস্ত ৰাস্তা, ধূপ-বন্তি জ্বলাই ৰাইজৰ প্ৰতিবাদ।
কোনো এটা অঞ্চলৰ যাতায়াত সুগম নহ’লে সেই অঞ্চলৰ উন্নয়ন কেতিয়াও সম্ভৱ নহয়। শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিত পথৰ দুৰৱস্থা জ্বলা-কলা খুৱাইছে সমষ্টিবাসীক।
থাওৰা সমষ্টিৰ মহাৰাণী পঞ্চায়তৰ অন্তৰ্গত ৰাইচাইৰ পৰা ৰূপহীবাম চাৰিআলি সংযোগী পথটোৱে প্ৰায় দহখন গাঁৱৰ বিভিন্ন ভাষা-ভাষীৰ বসতিৰ অঞ্চলবাসীক যমৰ যান্ত্ৰনা ভোগাইছে।
বাৰিষাৰ লগে লগে যেন এই পথচোৱা পানীৰে উপচি পৰাত বিদ্যাৱয়ৰ ছাত্ৰ-ছাত্ৰী, ৰুগী আৰু সাধাৰণ নাগৰিকৰ যাতায়াতৰ ক্ষেত্ৰত নৰক যান্ত্ৰনাত ভুগিছে।
আজি উপায়ন্তৰ হৈ অঞ্চলটোৰ পুৰুষ-মহিলা বিদ্ধস্ত পথলৈ ওলাই আহি ধূপ-বন্তি জ্বলাই বিভাগীয় কতৃপক্ষ, ঠিকাদাৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱাৰ লগতে মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়কক ৰাস্তাটো শীঘ্ৰে মেৰামটি কৰি দিবলৈ সংবাদ মাধ্যমৰ জড়িয়তে আহ্বান জনায়।