তিনিখনকৈ বিদ্যালয়লৈ অহা যোৱা কৰা একমাত্ৰ পথ এতিয়া জলমগ্ন।
দুদিন ধৰি শিক্ষা গ্ৰহণ কৰিব পৰা নাই তিনিখনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।
শিৱসাগৰ আমগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত নামতি আলি গাওঁ পঞ্চায়তৰ লোণপুৰীয়া ইটাখোলা গাঁৱৰ একমাত্ৰ এটা ৰাস্তা এতিয়া জলমগ্ন।
এজাক বৰষুণৰ ফলত ৰাস্তাৰ ওপৰত পানী।
বৰষুণ দিলেই দিন হাজিৰা, শ্ৰমজীৱি, ব্যৱসায় বাণিজ্যলৈ ওলাই যাব নোৱাৰে লোণপুৰীয়া ইটাখোলা গাঁৱৰ জনসাধাৰণ।
এনেদৰে কান্ধত চাইকেল তুলি দিন হাজিৰা কৰিবলৈ যাব লগা হয় সৰ্বসাধাৰণ ৰাইজ।
দেখিও নেদেখা, শুনিও নুশুনাৰ ভাৱত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা।
নামতি আলি গাওঁ পঞ্চায়তৰ জনপ্ৰতিনিধিও কুম্ভকৰ্ণ নিদ্ৰা যেন !
এনৰেগাই হওক বা পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনি হওঁক ঢুকি পোৱা নাই এই গাওঁখন।
এয়া হৈছে পৰিৱৰ্তন আৰু উন্নয়নৰ নামত ঢাক ঢোল বজোৱা মিত্ৰজোঁট বিজেপি চৰকাৰৰ নমুনা।