শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসা ব্যৱস্থা তথা চৰকাৰী চিকিৎসা সেৱাৰ দুৰৱস্থাৰ অৱসানৰ দাবীত তৃণমূল কংগ্ৰেছৰ নাগৰিক সভা

শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসা ব্যৱস্থা তথা চৰকাৰী চিকিৎসা সেৱাৰ দুৰৱস্থাৰ অৱসানৰ দাবীত তৃণমূল কংগ্ৰেছৰ নাগৰিক সভা।

শিৱসাগৰঃ শিৱসাগৰ জিলা অসামৰিক চিকিৎসালয়কে ধৰি আন আন চৰকাৰী চিকিৎসালয় বোৰত স্বাস্থ্য সেৱা ব্যৱস্থাটো সম্পূৰ্ণৰূপে ভাগি পৰাক লৈ বুধবাৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখত অসম তৃণমূল কংগ্ৰেছৰ শিৱসাগৰ জিলা সমিতিয়ে এখনি নাগৰিক সভা আহ্বান কৰে।

এই নাগৰিক সভাৰ যোগেদি চিকিৎসাখণ্ডৰ এই অভাৱ-অভিযোগসমূহ পুংখানুপুংখভাৱে আলোচনা কৰি চৰকাৰলৈ সমস্যাসমূহ সমাধানকল্পে ৰাইজে মতামত দাঙি ধৰে।