শিৱসাগৰঃ শিৱসাগৰ বাগলহাবিত লাখ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা এটা উপ-স্বাস্থ্য কেন্দ্ৰৰ গৃহ জীৱ জন্তুৰ গৰাঁলতহে পৰিণত হোৱাৰ ছবি পোহৰলৈ আহিছে।
১২ বছৰ পূৰ্বে কোঁৱৰপুৰ মৌজাৰ বাগলহাবি অঞ্চলত নিৰ্মাণ কৰা হৈছিল উপ-স্বাস্থ্য কেন্দ্ৰ। কিন্তু অতি পৰিতাপৰ বিষয় যে ১২ বছৰে উপ-স্বাস্থ্য কেন্দ্ৰটো ৰোগীৰ বাবে উপযোগী কৰিব নোৱাৰিলে সংশ্লিষ্ট বিভাগে ।
ফলত বৃহত্তৰ এলেকাৰ ৰাইজ চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱাৰ উপৰিও অপচয় হৈছে ৰাজকোষৰ ধন।
ৰোগীৰ চিকিৎসাৰ সেৱাৰ পৰিবৰ্তে উপ-স্বাস্থ্য কেন্দ্ৰটো সম্প্ৰতি জীৱ জন্তু পালনৰ কামতহে ব্যৱহাৰ কৰা বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একাংশ নাগৰিকে। লগতে শীঘ্ৰেই চিকিৎসাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ দাবী জনাইছে৷