শিৱসাগৰৰ গৌৰৱ নগৰৰ এটা ভাড়াঘৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ

শিৱসাগৰঃ শিৱসাগৰৰ গৌৰৱ নগৰৰ এটা ভাড়াঘৰত আজি এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বাসুদেৱ কুমাৰ নামৰ ব্যক্তিজনৰ ভাড়াঘৰৰ বাথৰুমত পৰি থকা অৱস্থাত উদ্ধাৰ হয় অজয় কুৰ্মী নামৰ যুৱকজনৰ মৃতদেহ।

পুৰাতত্ত্ব বিভাগত কৰ্মৰত সুৰেশ কুৰ্মীৰ পুত্ৰ অজয় কুৰ্মীৰ মৃতদেহ উদ্ধাৰ হোৱাকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । যুৱকজনক কোনোৱে হত্যা কৰি মৃতদেহ পেলাই থৈ যায় নেকি তাকলৈ লৈ সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

জানিব পৰা মতে অজয় কুৰ্মীয়ে বঙাইগাঁৱত এন পি এছত চাকৰি কৰিছিল। কেইদিনমান পূৰ্বে কেতবোৰ নথি-পত্ৰ নিবলৈ বুলি শিৱসাগৰলৈ আহিছিল অজয় কুৰ্মী। দেউতাক শিৱসাগৰত কৰ্মৰত সূত্ৰে ১০-১২ বছৰ ধৰি ভাড়াঘৰটোতে আছিল।

ইপিনে আজি মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে দণ্ডাদীশ, আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।