শিৱসাগৰৰ কোঁৱৰপুৰ মৌজাত শ শ হেক্টৰ ভূমিৰ কৃষিভূমি নষ্ট, ৰাইজৰ মাজত হাহাকাৰ

শিৱসাগৰৰ কোঁৱৰপুৰ মৌজাত শ শ হেক্টৰ ভূমিৰ কৃষিভূমি নষ্ট, ৰাইজৰ মাজত হাহাকাৰ ।

শিৱসাগৰঃ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজা আৰু পানবেচাৰ বহু অঞ্চল বিগত এমাহ ধৰি বানপানীত ডুব গৈ থকাত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে।

দুবাৰকৈ দৰিকাৰ বাঢ়নী পানী সোমাইছিল কোঁৱৰপুৰ মৌজাত । কিন্তু পানী ওলাই যোৱাৰ কোনো ব্যৱস্থা নথকাত এমাহ ধৰি পানীত ঘৰ বাৰী, বাট পথ সকলো ডুব গৈ আছে। বিশেষকৈ শ শ হেক্টৰ কৃষি ভূমি পানীত ডুব গৈ থকাত হাহাকাৰ লাগিছে খেতিয়ক সকলৰ মাজত।

এতিয়াও বাঢ়নী পানীত শ শ হেক্টৰ ভূমিৰ ৰোৱা সমূহ ডুব গৈ থকাত সম্পূৰ্ণ নষ্ট হ’বলৈ ধৰিছে। ফলত উপায়হীন হৈ পৰা কৃষক ৰাইজে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

এইবাৰ শাশুন মাহতে মৌজা দুটাৰ ৰাইজে ৰুই তুলি শেষ কৰিছিল।‌ ভাল হৈছিল খেতি । কিন্তু বৰ্তমান সকলো পানীত ডুবি থকাত আগন্তুক এবছৰলৈ এক কিলো ধানো উৎপাদন কৰিব নোৱাৰাটো নিশ্চিত হোৱাত চিন্তিত হৈ পৰিছে সকলো। এনে পৰিস্থিতিত চৰকাৰ প্ৰশাসনৰ সহায় বিচাৰিছে কোঁৱৰপুৰ আৰু পানবেচাৰ ৰাইজে ৷