শিৱসাগৰৰ ঐতিহাসিক শিৱ দ’লত আড়ম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত হ’ব ২৯০ বছৰীয়া দুৰ্গা পূজা

শিৱসাগৰৰ ঐতিহাসিক শিৱ দ’লত আড়ম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত হ’ব ২৯০ বছৰীয়া দুৰ্গা পূজা

শিৱসাগৰঃ শিৱসাগৰ দ’ল উন্নয়ন‌ পৰিষদৰ উদ্যোগত ঐতিহাসিক দেৱী দ’লত এইবাৰ আয়োজন কৰা পূজা সন্দৰ্ভত আজি দ’ল উন্নয়ন পৰিষদৰ কাৰ্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত হয়।

সংবাদ মেলত দেবী দ’লত দেবী দুৰ্গাৰ স্থায়ী মূৰ্তিৰ কাষতেই দেবীৰ মৃণ্ময় মূৰ্তিস্থাপন কৰা হ’ব বুলি জনিব দি শিৱসাগৰৰ আন আন স্থানৰ দুৰ্গা পূজা মণ্ডপত মৃণ্ময় প্ৰতিমা স্থাপনৰ পূৰ্বেই দেবী দ’লত মৃণ্ময় প্ৰতিমা, স্থাপন কৰা হব বুলি উল্লেখ কৰে।

দেৱী দলৰ পূজা ভাগৰ মাহাত্ম্য অনুসৰি আন‌ পূজা মণ্ডপৰ প্ৰতিমা সমূহ দশমীৰ দিনা বিসৰ্জন দিয়াৰ পূৰ্বে দেবী দ’লৰ প্ৰতিমা বিসৰ্জন দিয়াৰ পুৰণি পৰম্পৰা আজিও অব্যাহত আছে।

উল্লেখ্য যে, বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ দিনতেই সুদুৰ কনৌজৰ শাক্ত ধৰ্মৰ নীতি সমূহ পালনৰ বাবে আহিছিল প্ৰখ্যাত বৰঠাকুৰ পৰিয়ালৰ উপৰিপুৰুষ সকল। এই পৰিয়ালৰ লোকসকলে দ’লত যুগ যুগ ধৰি পূজা অৰ্চনা কৰি আহিছে। তেওঁলোকৰে পৰিয়ালৰ এটা ফৈদে পূজাৰ বাবে ভক্ত সকলে আগবঢ়োৱা “বলি” ৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবে “বলিকটিয়া” নামেৰেও বিখ্যাত হৈ পৰিছিল। দেবীৰ পূজা অৰ্চনাৰ সমান্তৰাল ভাৱে বলি বিধানৰ দায়িত্বও এই পুৰণি পৰিয়ালটোৱে আজিও সম্পাদন কৰি আহিছে। দুৰ্গা পূজাৰ সপ্তমীৰ দিনা সৰু বলি আৰু অষ্টমীৰ দিনা বৰ বলি দিয়া হয়। এই বলি বিধানৰ বাবে ঐতিহাসিক দেবী দ’লৰ কাষত সাজু কৰি তোলা হৈছে বিশাল বলিশাল।

বিগত বৰ্ষৰ দৰে এইবাৰো দেবী দ’লৰ পুৰুহিতেই এই বলি বিধান কাৰ্য সম্পাদন কৰিব। দেবী দুৰ্গাৰ সন্তুষ্টিৰ বাবে ভক্ত সকলে কোমোৰা, হাঁহ আৰু ছাগলী বলি দি আহিছে। আনহাতে ২৯০ বছৰীয়া এই দেবী পূজাৰ সৈতে আন এক পৰম্পৰা জড়িত হৈ আছে। আহোম যুগত পূজাৰ সময়ত “নেগেৰা” বাদ্য বজোৱাৰ দায়িত্ব পালন কৰিছিল শিৱসাগৰৰ মুছলমান দৌলা পৰিয়ালে। সুদীৰ্ঘ কাল নেগেৰা বাদ্য বজোৱাৰ কৃতজ্ঞতাৰ চিন স্বৰূপে দৌলা পৰিয়াললৈ তাহানিৰে পৰা পূজাৰ অষ্টমীৰ দিনা এটা জীৱন্ত ছাগলী আৰু নৈবেদ্য আগবঢ়োৱাতো এক নিয়ম হৈ আহিছে। তেনেদৰে শিৱসাগৰৰ বৰপাত্ৰগোঁহাই পৰিয়াললৈ নৈবেদ্য আগবঢ়াৱাই অহা হৈছে।

আজিৰ সংবাদ মেলত এই অনুষ্ঠান দ’লৰ বাহিৰত আড়ম্বৰপূৰ্ণ ভাৱে সম্পন্ন কৰা হ’ব বুলি কৰ্তৃপক্ষই সদৰী কৰে। ইফালে দৌল চৌহদৰ ভিতৰত এক আধ্যাত্মিক পৰিৱেশৰ মাজত আয়োজিত দেৱী দলৰ ২৯০ বছৰীয়া ৰাজ্য খনৰ ভিতৰৰে অন্যতম পুৰণি পূজা ভাগিক লৈ এইবাৰ শিৱ দৌল উন্নয়ন সমিতিয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷

ধৰ্মপ্ৰাণ ৰাইজৰ বিশেষ আকৰ্ষণ থকা পূজা ভাগিত সকলো ৰাইজৰ সুবিধাৰ্থে দ’লৰ সন্মুখত মণ্ডপ – মঞ্চ নিৰ্মাণেৰে নেগেৰা প্ৰতিযোগিতাৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচী গ্ৰহণ কৰা হব বুলি জানিব দিয়ে।আজিৰ সংবাদ মেল সম্বোধন কৰে দ’ল উন্নয়ন সমিতিৰ সভাপত বসন্ত গগৈৰ লগতে আন আন বিষয়ববীয়াই।