শিৱসাগৰত যুৱক সন্ধানহীন

শিৱসাগৰ ঢুলীয়া পাৰৰ যুৱক সন্ধানহীন প্ৰাতঃ ভ্ৰমণ কৰিবলৈ গৈ উভতি নাহিল কৃষ্ণ

শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তগৰ্ত ঢুলীয়াৰ পাৰৰ মনিৰাম দত্তৰ পুত্র কৃষ্ণ দত্ত নামৰ অবিবাহিত ৪৪ বছৰীয়া যুৱক জন যোৱা ৯ জুন তাৰিখে পুৱা প্ৰাতঃভ্ৰমন কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈ আজি কোপতি ঘুৰি নাহিল ঘৰলৈ ।

যোৱা পাঁচ দিন ধৰি যুৱক জন ঘৰলৈ ওভতি নহাত পৰিয়াল লোকৰ মাজত হাহাকাৰ লাগে। এই সন্দৰ্ভত জয়সাগৰ আৰক্ষী চকীত সন্ধানহীন বিষয়টো অৱগত কৰিছে যদিও আৰক্ষীয়ে যুৱক জনৰ কোনো ধৰণৰ সুং সুত্র উলিয়াব পৰা নাই।

অন্যহাতে দূৰণি আত্মীয় কুতুম্বৰ ঘৰতো বিচাৰ খোচাৰ কৰি নিৰুদিষ্ট যুৱকৰ সন্ধান পোৱা নাই অৱশেষত ভাতৃ ৰাজীৱ দত্তই সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজলৈ আহবান জনোৱাৰ লগতে কোনো সদাশয় ব্যক্তিয়ে কনিষ্ঠ ভাতৃ কৃষ্ণৰ সম্ভেদ পাই অনুগ্ৰহ কৰি 8638425055 নাম্বাৰত যোগাযোগ কৰি অনুৰোধ জনাইছে ।