শিৱসাগৰত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন

শিৱসাগৰত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন

শিৱসাগৰঃ শিৱসাগৰত আজি কেইবাটাও স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত পালন বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰা হয়। বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠন ‘ৰি-বিউল্ডাৰ ৱেলফেয়াৰ ফাউণ্ডেশ্বন’ৰ উদ্যোগত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন ৷

বর্তমান সময়ত অতি কম বয়সীয়া লৰা-ছোৱালীয়ে ড্ৰাগছৰ কৱলত পৰি মানসিক ৰোগৰ চিকাৰ হৈছে বুলি মন্তব্য দিৱস উপলক্ষ্যে গুৱাহাটীৰ পৰা আহি শিৱসাগৰত উপস্থিত হোৱা কাউঞ্চিলাৰ ৰাহুল কাশ্যপৰ । “এদিন-দুদিন ড্ৰাগছ সেৱন কৰাৰ পিছত ই অভ্যাসত পৰিনত হয়। যেতিয়া প্রয়োজন হোৱা ড্ৰাগছ নোপোৱা অথবা ক্ৰয় কৰিবলৈ ধন নাথাকে তেতিয়া এনে ড্ৰাগছ সেৱনকাৰী সকলে বিভিন্ন ধৰণৰ অপৰাধমূলক কৰ্মত লিপ্ত হৈ পৰে।”—মন্তব্য ৰাহুল কাশ্যপৰ

এই ক্ষেত্ৰত আমাৰ সমাজখনৰ এক যোগাত্মক ভূমিকা হ’ব লাগিব। কাৰণ, এগৰাকী ড্ৰাগছ সেৱনকাৰীক মাৰপিট কৰি অথবা আৰক্ষীক গতাই দি কাৰাগাৰলৈ প্ৰেৰণ কৰাটোৱেই সমাজৰ শেষ উদ্দেশ্য হ’ব নালাগিব বুলিও মন্তব্য কাউঞ্চিলাৰ গৰাকীৰ।

সংবাদমেলত উপস্থিত থাকে স্বেচ্ছাসেবী সংগঠনটোৰ প্ৰকল্প সঞ্চালক বৰুণ গগৈ, উপ-সভাপতি যগেশ্বৰ গগৈ, স্বাস্থ্য তত্বাবধায়ক পাঠজ্যোতি কৌৱৰ আৰু ময়ুৰ বড়া।