শিৱসাগৰঃ শিৱসাগৰ পানবেছা গড়চুকত যোৱা নিশা আকাশ দাস আৰু বিশ্বজিৎ বৰুৱা নামৰ প্ৰকৃতিপ্ৰেমী দুজন যুৱকে এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰে ।
গড়চুকৰ এজন ব্যক্তিৰ বাসগৃহৰ কাষৰ পথাৰত মাছ ধৰিবলৈ পাতি থোৱা এখন ফাঁচী জালত লাগি ধৰিছিল প্ৰায় ১০-১১ ফুট দৈৰ্ঘ্যৰ অজগৰটো।
অজগৰটো জালত লাগি ধৰাত পানীত ধৰফৰাই থকা শব্দ শুনি ডাঙৰ মাছ লগা বুলি চাবলৈ গৈ অজগৰটো প্ৰত্যক্ষ কৰে।
পিছত সাপ ধৰাত পাকৈত আকাশ দাস আৰু বিশ্বজিৎ বৰুৱাক অৱগত কৰাত নিশাই অজগৰটো উদ্ধাৰ কৰে।
ইপিনে অজগৰ চাবলৈ শোৱাপাটি এৰি নিশা ব্যক্তিজনৰ বাসগৃহৰ চোতাললৈ শিল দৌল ভাঙি আহে ৰাইজ।
অজগৰ চাবলৈ শিশুৰ পৰা বৃদ্ধলৈকে লানি নিচিগা সোঁত বয় । পিছত যুৱক দুজনে নিশাই অজগৰটোক চিকিৎসাৰ ব্যৱস্থা কৰি সুৰক্ষিত স্থানত মুকলি কৰি দিয়ে।