শিৱসাগৰত পালন কৰা হয় ৪০সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস।

শিৱসাগৰ অন্যতম ক্ৰীড়ানুষ্ঠান ৰংপুৰ জ্যোতি ক্লাবৰ উদ্যোগত আৰু শিৱসাগৰ ক্ৰীড়া সন্থাৰ সহযোগত আজি পালন কৰা হয় ৪০সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস।

উত্তৰ-পূৱৰ প্ৰথম গৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আজি ৩ ছেপ্টেম্বৰ ওপজা দিনটো বিগত ৪০ বছৰে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে। ৰংপুৰ জ্যোতি ক্লাবৰ উদ্যোগত আজি অনুষ্ঠিত এই দিৱসত পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, অলিম্পিক শিখা প্ৰজ্বলন আৰু পুৱা সামূহিক দৌৰ অনুষ্ঠিত হয়।

সামূহিক দৌৰ ৰংপুৰ জ্যোতি ক্লাবৰ পৰা আৰম্ভ হৈ আৱৰ্ত ভৱনৰ সমীপৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতিমূৰ্তি স্থলীত অন্ত পৰে। ইয়াৰ পাছতেই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতিমূৰ্তিত ক্ৰীড়া সন্থাৰ সভাপতি পোনাৰাম মিলিৰ লগতে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াই সন্মান প্ৰদৰ্শন কৰাৰ লগতে বক্তব্য প্ৰদান কৰে। ৰংপুৰ জ্যোতি ক্লাবত ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনৰ কেক কটা পৰ্ব আৰু বিশিষ্ট খেলুৱৈ সকলক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানো সম্পন্ন হয়। আজিৰ এই অভিৰুচি ক্ৰীড়া দিৱসত শিৱসাগৰৰ বিভিন্ন ক্ৰীড়া অনুষ্ঠানৰ ক্ৰীড়ানুৰাগীৰ লগতে বিভিন্ন ক্ৰীড়া সংগঠনৰ খেলুৱৈ সকলে অংশগ্ৰহণ কৰে।