শিৱসাগৰত পদাপৰ্ণ অসম জাতীয় পৰিষদৰ ‘এক অসম যাত্ৰা’: বিজেপি দলক তীব্ৰ সমালোচনা

শিৱসাগৰত অসম জাতীয় পৰিষদৰ ‘এক অসম যাত্ৰা’-বিজেপি দলক তীব্ৰ সমালোচনা লুৰিণজ্যোতি গগৈৰ

শিৱসাগৰঃ লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদে যোৱা ২১ ছেপ্টেম্বৰ তাৰিখৰ পৰা ধুবুৰীৰ ধুবুনী ঘাটৰ পৰা আৰম্ভ কৰা “এক অসম যাত্ৰা” আজি শিৱসাগৰ পদাপৰ্ণ কৰে।

ঐতিহাসিক শিৱসাগৰৰ পৰা জাতীয়তাবাদ-আঞ্চলিকতাবাদত বিশ্বাসী ৰাইজে ঐতিহাসিক ৰংঘৰৰ পৰা শিৱসাগৰ নগৰৰ শিৱ দ’ললৈকে এক পদযাত্ৰা কৰে। অসম জাতীয় পৰিষদৰ সদস্য-শুভাকাঙ্খীৰ লগতে বহু দল-সংগঠনে এই যাত্ৰাত ভাগ লয়।

অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ, সম্পাদক জগদীশ ভূঞা, বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিৱ শৃংখল চলিহা আদিকে কৰি বহু নেতৃত্বই এই পদযাত্ৰাত অংশগ্ৰহণ কৰে।

যাত্ৰাত ভাগ লৈ লুৰিণজ্যোতি গগৈয়ে বজ্ৰনাদ কণ্ঠেৰে তীব্ৰ সমালোচনা কৰে বিজেপি দল তথা হিমন্ত বিশ্ব শৰ্মাক। অসম আৰু অসমীয়াক ভাগ ভাগ কৰা বিজেপি দলৰ বিৰুদ্ধে এইয়া অসমীয়াক একত্ৰিত কৰাৰ যাত্ৰা বুলি উল্লেখ কৰে। তেওঁ কয় অনাগত দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দুৰ্নীতিপৰায়ণ আৰু বিফল মুখ্যমন্ত্ৰী ৰূপে পৰিগণিত হ’ব।

সেইদৰে অজাপৰ সম্পাদক জগদীশ ভূঞাই বিজেপি দলৰ বিভেদকামী ৰাজনীতিক সমালোচনা কৰি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এক জাতীয়তাবাদী অসম গঠনৰ উদ্দেশ্যে এই পদযাত্ৰা আৰম্ভ কৰা বুলি সদৰী কৰে।

আনহাতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই স্বভাৱসুলভ গৰ্জনেৰে ভণ্ড বিজেপি দলৰ বিৰুদ্ধে অসম-অসমীয়াক ভাল পোৱা সকলো জাতীয় ভাৱাসম্পন্ন ৰাইজক আঞ্চলিকতাবাদৰ স্বাৰ্থত একত্ৰিত হ’বলৈ আহবান জনায়।

বিভিন্ন জাতি-সংস্কৃতিৰ সাংস্কৃতিক গোষ্ঠীয়ে অংশগ্ৰহণ কৰা এই পদযাত্ৰাত প্ৰায় পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰি এক উজ্জীৱিত পৰিৱেশ সৃষ্টি কৰে।