শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ সদৌ অসম শিশু নাট সমাৰোহ

বুধবাৰৰ পৰা শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ সদৌ অসম শিশু নাট সমাৰোহ।

শিৱসাগৰৰ যুৱদ’লত অনুষ্ঠিত হোৱা সদৌ অসম শিশু নাট সমাৰোহৰ উদ্ধোধন কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্তই।

ডাম চাও অশ্বিনী চেতিয়া সোঁৱৰণী মঞ্চ উদ্ধোধন কৰে আটাছুৰ সভাপতি বসন্ত গগৈয়ে। সদৌ অসম ভিত্তিত অনুষ্ঠিত শিশু নাট সমাৰোহৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতি গ্ৰন্থ ‘অংকুৰণ’ উন্মোচন কৰে প্ৰতিদিন কাকতৰ সাংবাদিক এনামুদ্দিন আহমেদে।

এই বৰ্ষত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩৭ টা দলে এই নাট সমাৰোহত অংশ গ্ৰহণ কৰি বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

শিশু নাট সমাৰোহৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে এই বৰ্ষৰ সৌৰভ প্ৰাণ শিৱসাগৰ বঁটা প্ৰদান কৰিব অসমৰ বিশিষ্ট লোকবাদ্য শিল্পী দ্বিজেন গগৈক।

ইয়াৰোপৰি উদযাপন সমিতিয়ে ২০২৩ বৰ্ষৰ নাট্য অৰুণোদয় বঁটা প্ৰদান কৰিব গুৱাহাটীৰ অঞ্জন ভূঞাক আৰু অসম নাট্য প্ৰাণ বঁটা প্ৰদান কৰিব ধেমাজিৰ নৱজ্যোতি বৰাক।

ইপিনে সদৌ অসম শিশু নাট সমাৰোহৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে নাট্য তথা সাংস্কৃতিক জগতৰ লগত জড়িত জিলাখনৰ ২০ গৰাকী ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হব।