শিৱসাগৰত তিনিদিনীয়া কাৰ্যসূচীৰে অখণ্ড হৰি কীৰ্তন আৰম্ভ
শিৱসাগৰঃ শিৱসাগৰ সাৰ্বজনীন ষট পূজা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত মঙ্গলবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল অখণ্ড হৰি কীৰ্তন।
নিশাৰ পৰা আৰম্ভ হোৱা নেৰানেপেৰা বৰষুণকো নেওচি ভক্ত প্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় দিখৌ দলংৰ সমিপৰ অখণ্ড হৰি কীৰ্তনস্থলিত ।
পূৱা আৰম্ভ হোৱা মহিলা সকলৰ পৰম্পৰাগত কলশ যাত্ৰা কাৰ্যসূচীৰ অন্তত আৰম্ভ হোৱা পূজন কাৰ্যসূচীত যথেষ্ট সংখ্যক ভক্ত প্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি নিজৰ মনোবাঞ্ছা পূৰ্ণ হোৱাৰ কামনাৰে শৰাই আদি আগবঢ়ায় প্ৰাথনা কৰে । ইয়াৰ পিছতে দিনৰ ২ বজাৰ পৰা আৰম্ভ হয় ৫১ ঘন্টীয়া অখণ্ড হৰি কীৰ্তনৰ কাৰ্যসূচী ।
উদযাপন সমিতিয়ে ২৪ আগষ্টত হোম যজ্ঞৰে সামৰণি পৰিব লগা এই তিনিদিনীয়া অখণ্ড হৰি কীৰ্তন কাৰ্যসূচীত শিৱসাগৰবাসীৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে ।