শিৱসাগৰত জয়ন্ত হাজৰিকাৰ ৪৬ সংখ্যক মৃত্যু দিৱস উদযাপন

শিৱসাগৰত জয়ন্ত হাজৰিকাৰ ৪৬ সংখ্যক মৃত্যু দিৱস উদযাপন

শিৱসাগৰঃ অসমৰ সংগীত জগতৰ অন্যতম গণ দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ ৪৬ সংখ্যক মৃত্যু দিৱসটি শিৱসাগৰৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান সুৰ জাগৃতি মঞ্চই ৰাজ্যৰ অন্যতম সংগঠন বাঘ হাজৰিকা জাগৰণ মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ সহযোগত শিৱসাগৰ নগৰস্থিত মুক্তিনাথ চাৰি আলিৰ সমীপৰ অসম মেডিকেল ষ্ট’ৰৰ সন্মুখত উদযাপন কৰে।

সন্ধ্যা প্ৰায় ছয় বজাত অনুষ্ঠিত কৰা জন দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু দিৱস উদযাপনৰ অনুষ্ঠানটি উদ্বোধন কৰে শিৱসাগৰৰ বিশিষ্ট শিল্পী- জয়ন্ত দত্তই। বন্তি প্রজ্জ্বলন কৰে সুৰ জাগৃতি মঞ্চৰ সভাপতি-ডাঃ প্রবুদ্ধ প্রসাদ চেতিয়াই। আদৰণী ভাষণ প্রদান কৰে- বাঘ হাজৰিকা জাগৰণ মঞ্চৰ, শিৱসাগৰ জিলা সমিতিৰ সভাপতি-চোনাববা আলীয়ে। কবিতা আবৃত্তি কৰে- আছাদ উল্লাই। অনুষ্ঠানটি আঁত ধৰে আয়োজক সমিতিৰ সম্পাদক তথা শিক্ষাবিদ, সাহিত্যিক, বিশিষ্ট নিবন্ধকাৰ চামচুল বাৰিকে।

আয়োজিত অনুষ্ঠানত ডেৰ শতাধিক ৰাইজৰ উপস্থিতিত গণ দৰদী কণ্ঠশিল্পী গৰাকীক স্মৰণ কৰাৰ লগতে শিল্পী -জয়ন্ত দত্ত, কৰুণাভ দত্ত, ঋষিকেশ গগৈ, নৱজ্যোতি ভট্ট, অনুষ্কা তৰংগিনী, আচফিকুৰ ৰহমান শ‍ইকীয়া, ৰাজকুমাৰী ফাল্গুনী, গৌৰী শংকৰ বৰা, আমিন উল্লা, তৌফিকা উল্লাহ, আৰোহণ বৰগোহাঁই, দীক্ষিতা বৰা, পার্শ্বা হাবিব, হর্ষিত নাথ, অৱন্তী বৰগেহাঁই, লুনাশ্ৰী গগৈ, ৰাজেন্দ্ৰ যোশী, ডাঃ আমিনুৰ ৰহমান, মহেন্দ্ৰ দিহিঙ্গীয়া আদিকে ধৰি ন-পুৰণি বিশিষ্ট শিল্পীসকলৰ দ্বাৰা জয়ন্ত হাজৰিকাৰ গীত পৰিৱেশন কৰি আপ্লুত কৰে।

কাৰ্যসূচী অনুসৰি গীত পৰিৱেশনৰ অন্তত সংগীতপ্রেমী ৰাইজৰ উপস্থিতিত সুৰ জাগৃতি মঞ্চৰ কাৰ্যকৰী সভাপতি আতিকুৰ ৰহমান শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানটি সফল সামৰণি মাৰে।