শিৱসাগৰত আৰম্ভ চৰকাৰী চাইকেল বিতৰণ কাৰ্যসূচী
শিৱসাগৰঃ ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ শিৱসাগৰতো আজি নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক বিনামূলীয়া চৰকাৰী চাইকেল বিতৰণ কৰা হয় ৷ শিৱসাগৰত উক্ত কাৰ্যসূচীৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাই ৷
শিৱসাগৰ নগৰৰস্থিত বৰ্ডিং খেল পথাৰত অনুষ্ঠিত এক অনুষ্ঠানত এই কাৰ্যসূচী আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰি মন্ত্ৰী গৰাকীয়ে দহ গৰাকী ছাত্ৰ-ছাত্ৰীক নিজ হাতেৰে চৰকাৰে আগবঢ়োৱা চাইকেল প্ৰদান কৰে ৷
উল্লখ্যে যে, জিলা খনৰ ৭৭৪৬ গৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰৰ এই বিনামূলীয়া চাইকেল লাভ কৰিব l আজি মন্ত্ৰী বিমল বৰাই আনুষ্ঠানিক ভাবে ১০
খন চাইকেল দহ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰতীকী ভাৱে প্ৰদান কৰে l চৰকাৰৰ এই পদক্ষেপে ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়লৈ অহা-যোৱাৰ ক্ষেত্ৰত যথেষ্ঠ পৰিমাণে সহায় কৰিব বুলি মন্ত্ৰী বৰাই নিজৰ ভাষণত মত প্ৰকাশ কৰে l
শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, শিৱসাগৰ পৌৰ সভাৰ সভানেত্ৰী মৃণালী কোঁৱৰ , জিলা বি জে পি ৰ সভাপতি ময়ূৰ বুঢ়াগোহাঁইকে ধৰি বিজেপিৰ বহু নেতা-কৰ্মী উপস্থিত থাকে l