শিৱসাগৰত অবৈধ চোৰাং গৰুৰৰ ৰমৰমীয়া বেহাঃ আৰক্ষীৰ জালত গো- মাফিয়া চক্ৰ

শিৱসাগৰত অবৈধ চোৰাং গৰুৰৰ ৰমৰমীয়া বেহা।আৰক্ষী চকুত ধুলি মাৰি নিশা চলে অবৈধ চোৰাং গৰুৰ সৰবৰাহ । অৱশেষত চক্র আৰক্ষীৰ জালত।প্ৰায় ১৯ টাকৈ চোৰাং গো- মাফিয়া চক্ৰ আৰু চোৰাং গৰু বাহনসহ জব্দ।

শিৱসাগৰঃ উজনিৰ অসমৰ বিভিন্ন জিলাৰ লগতে শিৱসাগৰ জিলাতো নিশা অবৈধ চোৰাং গৰুৰ ৰমৰমীয়া বেহা অব্যাহত আছে। কঠোৰ আৰক্ষী প্রশাসন আৰু নিশা কটকটীয়া তালাচি অভিযান অব্যাহত ৰাখিছে বুলি যিমানেই ঘোষণা নকৰক কিয় একাংশ গো- মাফিয়া চক্রই একাংশ আৰক্ষী প্রশাসন আৰু বিভিন্ন পক্ষক মেনেজ তথা অংগুষ্ঠ প্ৰদৰ্শন কৰি অবৈধ ভাৱে চোৰাং গৰুৰ সৰবৰাহ তথা ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে শিৱসাগৰ জিলাৰ নৃপেন দত্তৰ নেতৃত্বত ২০ জনীয়া বজ্ৰং দল আৰু আন্তৰাষ্ট্ৰীয় হিন্দু সংগঠনৰ এটি সঁজাতি দলে এক গোপন সুত্ৰৰ পম খেদি নিশা প্ৰায় ১-৩০ মান বজাত শিৱসাগৰৰ লাচিত কলেজৰ বাইপাচৰ সমীপত দুখনকৈ চোৰাং গৰু ভৰ্তি বাহন সহ আৰক্ষীক চমজাই দিয়ে।

গো -আইনক অংগুষ্ঠ প্ৰদৰ্শনৰে অবৈধ ভাৱে সৰবৰাহ কৰা দুখনকৈ বলেৰো’ পিক আপ ভান AS-02 BC 7315, আৰু AS-02- DC 1137 নাম্বাৰৰ বাহনত সৰবৰাহ কৰা ১৯ টাকৈ চোৰাং গৰু ভৰ্তি গৰু আৰু বাহন সহ জব্দ কৰা কৰাৰ লগতে ৪ টাকৈ গো-মাফিয়া চক্ৰক আটক কৰিবলৈ সক্ষম হয়।

যাৱতীয় নথি-পত্ৰ অবিহনে অতি বিপদজনকভাৱে কঢ়িয়াই অনা গৰু খিনি নিশাই আৰক্ষীয়ে পশু চিকিৎসকৰ ওচৰলৈ লৈ যায়।

সৰু সৰু বাহনসমূহত ঠেলাহেঁচাকৈ কেটেল পাৰ্মিট তথা যাৱতীয় সা-সুবিধা অবিহনে গৰু কঢ়িয়াই নিয়া কাৰ্য কেতিয়াও বৈধ হ’ব নোৱাৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পশুপালন বিভাগৰ সংশ্লিষ্ট বিষয়া তথা চিকিৎসকে।

ইপিনে বাহনত পশুধনৰ অবৈধ সৰবৰাহ অব্যাহত ৰখা চক্ৰটোৰ মূল খলনায়ক কোন সেই সন্দৰ্ভত পৰিচয় উদ্ধাৰৰ দাবী তুলিছে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ নেতৃত্বই।

এক বিশেষ সুত্ৰৰ পৰা জানিব পৰা মতে দীৰ্ঘ দিন ধৰি উজনি অসমত অবৈধ চোৰাং গৰুৰ ৰমৰমীয়া বেহা অব্যাহত ৰখা এটা পৰ্টেল চেনেলৰ এডিটৰ তামুলী নামৰ স্বয়ম্ভূৰূপী বিতৰ্কিত সাংবাদিকো চোৰাং গৰুৰ ব্যৱসায়ৰ লগত ব্যক্তিগত ভাৱে জড়িত হৈ গো-আইনক ভেঙুচালিৰে একাংশ গো মাফিয়া চক্ৰৰ সৈতে লেনদেনৰ অংকৰ বিনিময়ত ৰক্ষাণাবেক্ষণ দি অহাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে। যাৰবাবে বিগত দিন ধৰি একাংশ গো আইনক ভেঙুচালিৰে সৰবৰাহ অব্যাহত ৰখা একাংশ গো- মাফিয়া চক্র উজনিৰ শিৱসাগৰ জিলাতো কটকটীয়া তালাচি অভিযান অব্যাহত থকাৰ পিছতো শিৱসাগৰ জিলাৰ পৰা সৰবৰাহী চক্ৰ আৰক্ষী প্রশাসনৰ অভিযানত কেইবাটাও গো- মাফিয়া আৰু চোৰাং গৰু ভৰ্তি বাহন সমূহ আৰক্ষীৰ জালত পৰিবলৈ সক্ষম হৈছে।

আনহাতে গো -আইনক চৰম ভেঙুচালিৰে জড়িত হৈ অবৈধ চোৰাং গৰুৰ গো-মাফিয়া চক্রক ৰক্ষাণাবেক্ষণ দিয়া অহা বিতৰ্কিত স্বয়ম্ভূ পৰ্টেলৰ এডিতৰ তামুলীক কঠোৰ আৰক্ষী প্রশাসনৰ জালত পৰিবলৈ সক্ষম হ’ব নে সেয়া পৰবৰ্তী সময়ত লক্ষণীয় হ’ব।