শিলসাঁকোৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য : মোক বাধা দি লাভ নাই, ২০২৬ লৈ কাম কৰিম।

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে শিলসাঁকোত উচ্ছেদ চলাবই লাগিব। ১৫০ লোকৰ বাবে গুৱাহাটীৰ ১৫ লাখ লোকৰ স্বাৰ্থ বিঘ্নিত কৰা নহয়। শিলসাঁকোৰ উচ্ছেদৰ বাবে গুৱাহাটীবাসীয়ে চৰকাৰক ধন্যবাদহে জনাব লাগে। উচ্ছেদিত সকলক চৰকাৰে ক্ষতিপূৰণ দিব। আপ আৰু কৃষক মুক্তিয়ে অপ্ৰয়োজনীয় ভাবে ৰাজনীতি কৰি আহিছে। উচ্ছেদক লৈ গুৱাহাটীৰ শিলসাঁকোত যুদ্ধ সদৃহ পৰিবেশে বিৰাজ কৰাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য আগবঢ়ায়।

শিলসাঁকোৰ উচ্ছেদক লৈ জঁপিয়াই পৰা আপ আৰু মুক্তিক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘তেঁওলোকে আন স্থানত হোৱা উচ্ছেদক লৈ মাত মতা নাই। তাত গ’লে ভোটৰ হিচাব নিমিলে। ইয়াত ক’ব পাৰে থলুলা লোকক উচ্ছেদ কৰিছে, গতিকে চৰকাৰৰ ক্ষতি হ’ব। এইবোৰ কিমান পলিটিকেল মানুহ ভাবি চাওক। তেওঁলোকৰ অন্তৰে সঁচা অৰ্থত যদি মানুহৰ কাৰণে কান্দে তেনেহ’লে লামডিং, কাজিৰঙা, বুঢ়াপাহাৰ, ওৰাঙলৈ যাব লাগিছিল। কিয় যোৱা নাই ? তেওঁলোকে এইটো বুজাব খোজে যে হিমন্তবিশ্ব শৰ্মাই থলুৱা মানুহক উচ্ছেদ কৰিছে। মোৰ লগত থলুৱা অথলুৱা কি আছে।’

মুখ্যমন্ত্ৰীয়ে পুনৰ কয় ‘মোক বাধা দি লাভ নাই, ২০২৬লৈ মই ৰাইজৰ কাম কৰি যাম। যি হয় হ’ব। প্ৰয়োজন হ’লে উচ্ছেদিত সকলক গুৱাহাটীত ২০-২৫ লাখ টকাৰে ফ্লেট কিনি দিম।’

জিঞ্জাৰ হোটেলক উচ্ছেদ কৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেঁও মন্তব্য কৰে যে জিঞ্জাৰ হোটেলে মাটি দখল কৰা নাই। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে জিঞ্জাৰক তাত মাটি দিছিল। ইতিমধ্যে জিঞ্জাৰ কৰ্তৃপক্ষয় এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও ন্যায়ালয়ত পৰাজিত হৈছে। বৈধ প্ৰক্ৰিয়াৰে জিঞ্জাৰ হোঞেলক আঁতৰুৱা হ’ব বুলিও তেওঁ উল্লেখ কৰে।