ৰঙিয়াঃ ৰঙিয়াৰ সমীপৰ চিকনিবাৰীত জঘন্য ঘটনা । শিক্ষক-ছাত্ৰীৰ পৱিত্ৰ সম্পৰ্কত কালিমা সানিলে চিকনিবাৰী ঘোগাপাৰ এল পি স্কুলৰ প্ৰধান শিক্ষকে ।
পৰিয়ালৰ অভিযোগ অনুসৰি বিদ্যালয়ৰ ভিতৰতে ছাত্ৰী গৰাকীক প্ৰধান শিক্ষক দয়াল সৰকাৰে যৌন উৎপীড়ন চলায় । বিদ্যালয় চুটিৰ পিছত বিদ্যালয় চাফ কৰিবলৈ ৰখাই থয় চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীগৰাকীক ।
তাৰ পিছতে বিদ্যালয়খনত আন কোনো ছাত্র-ছাত্ৰী নথকাৰ সুযোগ বুজি প্ৰধান শিক্ষক দয়াল সৰকাৰে নিজৰ দুস্কাৰ্য চৰিতাৰ্থ পুৰণ কৰে। লগতে কোনো লোককে একো নকবলৈ সকীয়াই দিয়ে প্ৰধান শিক্ষকে। কিশোৰীগৰাকীয়ে আতংকিত হৈ ঘৰলৈ যায় আৰু তাৰ পিছত কেইবাদিন ধৰি বিদ্যালয়ত নোজোৱাত পৰিয়ালৰ লোকে সোধপোচ কৰি সমস্ত ঘটনা জানিব পাৰে ।
পিছত এই সকলো অভিযোগ পৰিয়ালৰ লোকে বিদ্যালয়খনৰ পৰিচালনা সমিতিক অৱগত কৰে । কিন্তু এই ক্ষেত্ৰত পৰিচালনা সমিতিয়ে ঘটনাটো গাপ দি লুকুৱাই ৰাখিবলৈ হে পৰামৰ্শ দিয়ে ।
অৱশেষত, বুধবাৰে ভূক্তভোগী পৰিয়ালটোৱে ন্যায় বিচাৰি গান্ধীবাৰী আৰক্ষী চকীত গোচৰ তৰে। গোচৰ তৰাৰ পিছতে তামুলপুৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰে অভিযুক্ত প্ৰধান শিক্ষক দয়াল সৰকাৰক।