শিক্ষকৰ অভাৱত পাঠদানত জতিলতা আহিছে বৰভাগা মিলন চেকেণ্ডাৰী স্কুলত৷

বাহাৰঘাটঃ শিক্ষকৰ অভাৱত পাঠদানত জতিলতা আহিছে বৰভাগা মিলন চেকেণ্ডাৰী স্কুলত৷

তিনিশ ছাত্ৰছাত্ৰী আৰু এঘাৰটা শ্ৰেণীৰ বিপৰীতে দহ গৰাকী শিক্ষকৰে চলিছে বিদ্যালয় খন৷

চৰকাৰে বিদ্যালয় একত্ৰিকৰণৰ যোগে চৰকাৰী বিদ্যালয় হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে ঠিকে৷ কিন্তু বিদ্যালয় সমূহৰ প্ৰয়োজনীয় শিক্ষক শিক্ষয়িত্ৰীৰ অভাৱ দুৰ কৰিব পৰা নাই৷ যন্ত্ৰণা ভোগ কৰিছে বিদ্যালয় কতৃপক্ষ৷ তেনে এখন বিদ্যালয় হল নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰগাছা মিলন চেকেণ্ডাৰী স্কুল৷

১৯৮২ চনত অঞ্চলৰ ৰাইজে উক্ত বিদ্যালয় স্থাপন কৰিছিল৷ কালক্ৰমত বিদ্যালয় খন প্ৰাদেশীকৃত হল৷ ইয়াৰ পিচতে বৰগাছা মিলন এম ই স্কুলক উক্ত বিদ্যালয়ৰ লগত চামিল কৰে৷ ইয়াৰ পিচতে বিগত ২৪ আগষ্টত বৰগাছা জলহুৰাম প্ৰাথমিক বিদ্যালয় ও উক্ত বিদ্যালয়ৰ লগত চামিল হয়৷

বিদ্যালয় একত্ৰিকৰণ হল ঠিকে কিন্তু ছাত্ৰছাত্ৰী আৰু শ্ৰেনী অনুপাতে শিক্ষকৰ অভাৱ৷ বৰ্তমান বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিকে ধৰি অন্য দুজন অৱসৰি শিক্ষকে পাঠদান কৰি কিছু সকাহ দিছে৷

উল্লেখ্য যে বিদ্যালয় খনত বিগত ২০১৪ চনৰ পৰা হিন্দী শিক্ষক নাই৷ মাজতে পৰ্য্যয়ক্ৰমে দুজন শিক্ষক দিছিল যদিও বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ে তেওঁলোক পুনৰাই পূৰ্বৰ বিদ্যালয়লৈ ওভতাই নিয়ে৷ এই ক্ষেত্ৰত নলবাৰী জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত ধনৰ লেনদেন হোৱাৰো অভিযোগ তুলিছে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে৷

এতিয়া কথাহ’ল এনেদৰে চলিব নেকি বিদ্যালয় খন৷ স্থানীয় ৰাইজৰ লগতে বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাই ও বিদ্যালয় খনৰ আসোঁৱাহ দূৰ কৰাৰ বাবে শিক্ষা বিভাগক দাবী জনাইছে৷