‘শাওঁণৰ এটা বৰ্ষাসিক্ত আবেলি’ এজাক কবি সাহিত্যকৰ আড্ডাত জিপাল বৰভাগ যুৱমঞ্চৰ বাকৰি

বৰভাগ শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত সাহিত্য পাঠ অনুষ্ঠানত কবি সাহিত্যকৰ শব্দৰ বৰষুণ৷

নলবাৰী জিলাৰ বৰভাগৰ কালাগ হাটখোলাত দেওবাৰে বিয়লি কবিতা, গল্প পাঠেৰে জীপাল হৈ পৰে বৰভাগ শাখা সাহিত্য সভাৰ উদ্যোগত আৰু বৰভাগ যুৱ সমাজৰ সহযোগত অনুষ্ঠিত হোৱা সাহিত্য পাঠ অনুষ্ঠান।

বৰভাগ শাখা সাহিত্য সভাৰ সভাপতি প্ৰণৱ কুমাৰ ডেকাৰ সভাপতিত্বত আৰম্ভ হোৱা সাহিত্য পাঠ অনুষ্ঠানত শাখা সাহিত্য সভাৰ সম্পাদক প্ৰকাশ কলিতাই উদ্যেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত উদ্বোধনী ভাষন প্ৰদান কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা অসম সাহিত্য সভাৰ জনগোষ্ঠী ইতিহাস প্ৰকল্প সমিতিৰ আহ্বায়ক ডা: বিপিন চন্দ্ৰ কলিতাই।

বৰভাগ যুৱ সমাজৰ সভাপতি জিতেন চন্দ্ৰ ডেকাই আদৰণি ভাষণ পাঠ কৰা অনুষ্ঠানটোত শংকৰদেৱ একাডেমীৰ অধ্যক্ষ তথা বিশিষ্ট কবি মাননীয় ড০ বিনয় কুমাৰ মজুমদাৰ, বৰভাগ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক তথা বিশিষ্ট কবি, গায়ক ড০ চন্দন কলিতা পৰ্যালোচক হিচাপে উপস্থিত থাকে।

বৰভাগ শাখা সাহিত্য সভাৰ উপ সভাপতি তথা বৰভাগ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ বিপুল কলিতা ৰচিত কবিতা পাঠেৰে আৰম্ভ হোৱা সাহিত্য পাঠ অনুষ্ঠানটোত ডেৰ শতাধিক সাহিত্যানুৰাগী লোক উপস্থিত থকাৰ লগতে বিভিন্ন সাহিত্যানুৰাগী ব্যক্তিসকলে কবিতা, প্ৰৱন্ধ, গল্প পাঠ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।