অভিনয় জগতখনে হেৰুৱালে শকুনি মামা খ্যাত অভিনেতা গুফি পেণ্টালক। মহাভাৰতত ‘শকুনি মামা’ৰ চৰিত্ৰত অভিনয় কৰি বিখ্যাত হোৱা প্ৰবীণ অভিনেতা গুফী পেন্টালৰ মৃত্যুৰ খবৰে সকলোকে শোকাহত কৰিছে।
অভিনেতাগৰাকীৰ মুম্বাইৰ এখন চিকিৎসালয়ত যোৱাকালি মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৯ বছৰ। বয়সৰ লগত জড়িত বহু ৰোগত আক্ৰান্ত গুফী পেন্টালৰ যোৱাকালি পুৱা প্ৰায় ৯ বজাত হাৰ্ট এটেকত মৃত্যু হয়।
যোৱা ১০ দিন ধৰি জীৱন-মৃত্যুৰ যুদ্ধত যুঁজি আছিল তেওঁ। চিকিৎসালয়খনৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল। যোৱা দুদিনৰ পৰা তেওঁৰ স্বাস্থ্যৰ কিছু উন্নতি হোৱা দেখিবলৈ পোৱা গৈছিল যদিও অবশেষত যোৱাকালি তেওঁ জীৱন যুদ্ধত পৰাস্ত হ’ল।
টিভি আৰু ছবিত গুফীয়ে বহু কাম কৰিছিল :
গুফী পেণ্টালে নিজৰ কেৰিয়াৰত বহু টিভি ধাৰাবাহিক আৰু ছবিত কাম কৰিছিল। ১৯৭৫ চনৰ ‘ৰাফু চক্কাৰ’ ছবিৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। কিন্তু বি আৰ চোপ্ৰাৰ ধাৰাবাহিক ‘মহাভাৰত’ত শকুনি মামাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰে।