শংকৰদেৱ বিদ্যা নিকেতন, বাহাৰঘাটত গণিত বিজ্ঞান মেলা৷
বাহাৰঘাটঃ অসম শিশু শিক্ষা সমিতিৰ নলবাৰী বিভাগৰ অন্তৰ্গত বৰভাগ সংকুলৰ গণিত-বিজ্ঞান মেলাখন বুধবাৰে শংকৰদেৱ বিদ্যা নিকেতন, বাহাৰঘাটত অনুষ্ঠিত হয়৷
তদুপলক্ষে পূৱা সংকুলৰ পতাকা উত্তোলন কৰে বৰভাগ সংকুলৰ সংকুল সংযোজক শচীন্দ্ৰ শৰ্মাই৷ বন্তি প্ৰজ্বলন কৰে নিকেতন প্ৰতিষ্ঠাকালৰ সম্পাদক তথা বৰ্তমানৰ পৰিচালনা সমিতিৰ উপসভাপতি দীননাথ কলিতাই, মেলা উদ্বোধন কৰে শংকৰদেৱ বিদ্যা নিকেতন পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি দীনেশ চন্দ্ৰ শৰ্মাই৷
মেলাত বৰভাগ সংকুলৰ অন্তৰ্গত মুঠ সাতখন নিকেতনৰ শতাধিক ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ মেলাত সাতখন নিকেতনৰ প্ৰায় ত্ৰিশ গৰাকী আচাৰ্যৰ লগতে বিচাৰক হিচাবে আঠ গৰাকী চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষকে বিজ্ঞান আৰ্হি আৰু গণিতৰ বিভিন্ন বিষয়ে তন্নতন্নকৈ পৰীক্ষা কৰে৷
মেলাৰ শেষত শংকৰদেৱ বিদ্যা নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মহেশ্বৰ ভট্টাচাৰ্যৰ সভাপতিত্বত সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰে৷ উক্ত অনুষ্ঠানতে ছাত্ৰছাত্ৰী সকলৰ মাজত বটাঁ আৰু প্ৰমানপত্ৰ বিতৰণ কৰে৷শংকৰদেৱ বিদ্যা নিকেতন,বাহাৰঘাটৰ আচৰ্য্য দীপক শৰ্মাই অতধৰা অনুষ্ঠানটোত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷৷