শংকৰদেৱ বিদ্যা নিকেতন, বাহাৰঘাটৰ অভিনন্দন অনুষ্ঠান ৷
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত তৃতীয় স্থানপ্ৰাপ্ত মৃগাংক ভট্টাচাৰ্যৰ লগতে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰছাত্ৰীক অভিনন্দন ৷
নিকেতন পৰিচালনা সমিতিৰ সভাপতি মহেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত সাংসদ তথা বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ লগতে সমাজকৰ্মী শৰৎ কলিতা, প্ৰমোদ কলিতাকে ধৰি কেইবাজনো বিশিষ্ট ব্যাক্তি উপস্থিত থাকে ৷
অনুষ্ঠান আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মহেশ্বৰ ভট্টই ৷
অভিনন্দনৰ পূৰ্বে সাংসদ গৰাকীয়ে ২০২০ চনত সাংসদ উন্নয়ন পূজিৰে নিৰ্মিত শ্ৰেনী কোঠা উদ্বোধন কৰে ৷
উল্লেখযোগ্য যে বিগত ২০০৯ চনৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰ্তমানলৈ এশ শতাংশই উত্তীৰ্ণ হৈ শৈক্ষিক উত্তৰণত বিশেষ ভূমিকা লৈ আহিছে শিক্ষানুষ্ঠান খনে ৷
আনহাতে বিগত ২০১৪ চনত এজনে,২০২০ চনত দুজনে স্থান পোৱাৰ লগতে এইবেলি তৃতীয় স্থান পোৱাত আনন্দৰ জোৱাৰ উঠিছিল শিক্ষানুষ্ঠান খনৰ লগতে অঞ্চলটোত ৷