লৰমাত মহাপ্ৰভু শ্ৰীশ্ৰী জগন্নাথৰ নৱনিৰ্মীত মন্দিৰ উদঘাটন৷

বাহাৰঘাটঃ লৰমাত মহাপ্ৰভু শ্ৰীশ্ৰী জগন্নাথৰ নৱনিৰ্মীত মন্দিৰ উদঘাটন৷ সাংসদ দিলীপ শইকীয়াৰ সমষ্টি উন্নয়ন পূজিৰ অনুমোদিত ধনৰে নিৰ্মাণ কৰে আটকধুনীয়া মন্দিৰটো৷

নলবাৰী জিলাৰ ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত লৰমাত আজি এটা আটকধুনীয়াকৈ নিৰ্মাণ কৰা মহাপ্ৰভু শ্ৰীশ্ৰী জগন্নাথৰ মন্দিৰ উদঘাটন কৰে৷

উল্লেখ্য যে অতীতৰে পৰা গাওঁখনৰ শ্ৰীশ্ৰী কালিমন্দিৰ চৌহদত সজোৱা এটি সৰু মন্দিৰত জগন্নাথৰ পূজাৰ্চনা চলি আহিছিল৷ যথেষ্টখিনি অসুবিধা ভোগ কৰিছিল গাওঁখনৰ জিয়ৰি বোৱাৰী সকলে৷ সেয়েহে উক্ত অসুবিধাৰ কথা মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক অৱগত কৰাত তেওঁ মহিলা সকলে উপসনা কৰিব পৰাকৈ সাংসদ পূজিব অনুদানৰে মন্দিৰটো নিৰ্মাণত সহায় কৰে৷

আজি গাওঁখনৰ জিয়ৰী বোৱাৰী সকলে দিনজোৰা কাৰ্য্যসূচীৰে উক্ত মন্দিৰটো উদঘাটন কৰে৷ পূৱাৰে পৰা পুৰুহিতৰ মন্ত্ৰোচ্চাৰণ, আয়তীৰ উৰুলি আদিৰে জিপাল কৰা অনুষ্ঠানটোত আমন্ত্ৰিত নাগাৰানাম দলৰ নাগাৰানাম প্ৰদৰ্শনে ভক্তিৰসত গদগদ হৈ পৰিছিল গাওঁখনৰ পৰিবেশ৷