লিডুত কৃত্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ।
মাৰ্ঘেৰিটা: লিডুত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত আজি কৃতি ছাত্ৰ-ছাত্ৰীৰএক সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।
লিডুত নেতাজী ভৱনত অনুষ্ঠিত অনুষ্ঠানত লিডু অঞ্চলৰ পৰা উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰীক্ষাত ৮০% অধিক নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৮ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক গামোচা, মানপত্র, কলম আদিৰে সম্বৰ্ধনা জনায়।
উল্লেখ্য যে প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী মালবিকা বিশ্বাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বর্ধনা অনুষ্ঠানত অঞ্চলৰ কেইবাগৰাকী বিশিষ্ট্য বক্তি সকলে উপস্থিত থাকি ছাত্র-ছাত্রী সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে।
সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮০% অধিক নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্র-ছাত্রী সকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যি প্ৰতিবছৰে এনেদৰে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকৰ্তা সকলে।