লিডুত টিৰাপ মুক্ত কয়লা খনন প্ৰকল্প পুনৰায় উজ্জীৱিত কৰাৰ বাবে কলিয়ৰী মুকলি কৰাৰ বাবে লোক শুনানি

মাৰ্ঘেৰিটাৰ একমাত্ৰ কয়লা উদ্যোগ উত্তৰ পূব কয়লা ক্ষেত্ৰ ৰ লিডুৰ টিৰাপ মুক্ত কয়লা খননস্থলী ৬ মেট্ৰিক টন কয়লা উৎপাদনৰ কৰাৰ বাবে এই কলিয়ৰী মুকলি কৰাৰ বাবে লোক শুনানি।

উত্তৰ পূবৰ একমাত্ৰ কয়লা উদ্যোগ উত্তৰ পূব কয়লা ক্ষেত্ৰ লিডু টিৰাপ কলিয়ৰী বিগত তিনিটা বছৰ ধৰি বন্ধ অৱস্থাত আছে।

আজি লিডুত টিৰাপ মুক্ত কয়লা খনন প্ৰকল্পৰ পুনৰায় উজ্জীৱিত কৰাৰ বাবে পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ পৰা পৰিৱেশ অনুমোদন প্ৰাপ্ত কৰাৰ বাবে লিডু কলিয়ৰী গাঁও পঞ্চায়তৰ কাৰ্যালয় চৌহদত অসম প্ৰদুষন নিয়ন্ত্ৰন পৰিষদে এখনি লোক শুনানি কাৰ্যসুচীৰ আয়োজন কৰে।

এই কাৰ্যসূচীত অসম প্ৰদুষন নিয়ন্ত্ৰন পৰিষদৰ ডিব্ৰুগড় শাখাৰ অভিযন্তা ধিৰেণ পেগু, তিনিচুকীয়া জিলা অতিৰিক্ত উপাযুক্ত পঙ্কজ নাগবংশী, আৰু উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মুখ্য মহা প্ৰবন্ধক এস.পি. দত্ত উপস্থিত থাকে।

উল্লেখ্য যে, ২০২০ চনৰ ২১ মে তাৰিখে কল ইণ্ডিয়াই বিভিন্ন কাৰণত কয়লা উদ্যোগৰ উৎপাদন খনন আৰু সৰবৰাহ সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহন কৰাৰ পাছত ৩ জুনত সম্পুৰ্ণভাবে কল ইণ্ডিয়া বন্ধ কৰি দিয়াৰ এক বিজ্ঞপ্তি ঘোষনা কৰিছিল আৰু তাৰ পিছৰ পৰাই মাৰ্ঘেৰিটাৰ কয়লা উদ্যোগ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে।

বৃটিছৰ দিনৰে পৰা মাৰ্ঘেৰিটা এই কয়লা উদ্যোগটো অসমৰ অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ ক্ষেত্ৰত এক উল্লেখনীয় ভুমিকা লৈ আহিছিল। এই উদ্যোগটো বন্ধ হোৱাৰ ফলত কৰ্মৰত কৰ্মচাৰীকে ধৰি ইয়াৰ লগত পত্যক্ষ পৰোক্ষ ভাবে সমন্ধ থকা হাজাৰ হাজাৰ কৰ্মচাৰী কৰ্মহীন হৈ পৰে আৰু এই অঞ্চল সমূহ মৰিহালিলৈ পৰিণত হৈ পৰে। ফলত বহুতে নিজৰ কৰ্ম সংস্থাপনৰ বাবে বহিৰাজ্যলৈ যাবলগীয়া হয়।

কিন্তু দ’ল সংগঠন আৰু স্থানীয় ৰাইজৰ আন্দোলন ফলস্বৰূপে পৰৱৰ্তী সময়ত মাৰ্ঘেৰিটাৰ টিকক কলিয়ৰী, মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই , কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহল্লাদ যোশী ৰ উপস্থিতিত মুকলি কৰে। কিন্তু , তাৰ পাছতো টিৰাপ কলিয়ৰী বন্ধ অৱস্থাত আছিল। ইয়াৰ বাবে উত্তৰ পূব কয়লা ক্ষেত্ৰ বৃহৎ লোকচানৰ সম্মুখীন হৈ আহিছিল আৰু হাজাৰ হাজাৰ কৰ্মচাৰী কৰ্ম সংস্থাপনৰ বাবে বহিৰাজ্যলৈ ঢাপলি মেলিব লগা হৈছিল।

আজি এই টিৰাপ কলিয়ৰী মুকলি কৰাৰ বাবে লোক শুনানি অনুষ্ঠানত অঞ্চলটোৰ স্থানীয় বিভিন্ন দল সংগঠনৰ লগতে প্ৰায় সহশ্ৰাধিক ৰাইজে উপস্থিত হৈ দাবী উত্থাপন কৰি উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মাৰ্ঘেৰিটাৰ এই কয়লা উদ্যোগটো জনগনৰ স্বাৰ্থত পুনৰায় কাৰ্যক্ষম কৰিবলৈ চৰকাৰক আহ্বান জনায়।