লাহৰীঘাটৰ এটা চৰকাৰী ৰাস্তা বিগত তিনি মাহ ধৰি বন্ধ কৰি গাঁওবাসীক গৃহবন্দী

লাহৰীঘাটঃ লাহৰীঘাটৰ লেঙেৰীগাঁৱত মাতব্বৰ গুণ্ডাৰাজ। গাঁওখনৰ বালিয়া চৌহান নামৰ লোকজনে মাতব্বৰাজ চলাই এটা চৰকাৰী ৰাস্তা বিগত তিনি মাহ ধৰি বন্ধ কৰি গাঁওবাসীক গৃহবন্দী কৰি আহিছে।মাতব্বৰ বালিয়া চৌহানৰ ভয়ত পেপুৱা লগা লেঙেৰীগাঁও বাসীয়ে প্ৰাণৰ মমতাত পথটোত সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে যাতায়ত। আনকি এই সন্দৰ্ভত মাত মাতিলে মৃত্যুৰ ভাবুকি দিয়া বুলিও গাঁওবাসীয়ে অভিযোগ তুলিছে মাতব্বৰ বালিয়া চৌহানৰ বিৰুদ্ধে।

ইফালে নিজ গেৰুৱা আঞ্চলিক পঞ্চায়তৰ সদস্যা গৰাকী নিজৰ ঘৰতে হোৱা সুবাদতে মাতব্বৰ বালিয়া চৌহানে এই ৰাস্তাটোকে দুটা খণ্ডত ভাগ কৰি গ্ৰামোন্নয়ন বিভাগৰ পৰা কেইবা লাখ টকীয়া দুটাকৈ আঁচনিৰ কাম কেৱল নামমাত্ৰ কৰিয়েই সিংহভাগ ধন আত্মসাতৰ অভিযোগ তুলিছে গাঁওবাসীয়ে।

অতি পৰিতাপৰ বিষয় যে, বিগত তিনিমাহ ধৰি এটা চৰকাৰী ৰাস্তাত গাঁওবাসীক সম্পূৰ্ণৰূপে যাতায়ত বন্ধ কৰি বালিয়া চৌহানে চলাই থকা মাতব্বৰাজৰ সন্দৰ্ভত ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীক লিখিত ভাৱে জনাইছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ তুলিছে লেঙেৰীগাঁও বাসীয়ে।