লাহৰীঘাটত মহিলা আৰক্ষী বিষয়াৰ বীৰত্ব।
সাংবাদিকৰ মবাইল কাঢ়ি নিলে লাহৰীঘাট থানাৰ উপ পৰিদৰ্শক মামনি কুমাৰীয়ে।
থানাৰ পৰা পলাই যোৱা ছাগলী চোৰৰ ভিজুৱেল লবলৈ যোৱাত সাংবাদিকৰ মবাইল কাঢ়ি নিয়ে মহিলা আৰক্ষী বিষয়া গৰাকীয়ে।
মবাইল কাঢ়ি নিয়া সকলো দৃশ্য বন্দী হল কেমেৰাত।
কৰ্তব্যৰত প্ৰথম খবৰৰ সাংবাদিক আমিৰুল ইছলামৰ মবাইল কাঢ়ি নিয়ে আৰক্ষী বিষয়া মামনি কুমাৰীয়ে।
সাংবাদিক আমিৰুল ইছলামক বিভিন্ন ধৰণৰ গালি গালাজ কৰে।
ইয়াৰ পূৰ্বেই মহিলা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে সাংবাদিকৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰাৰো অভিযোগ আছে।
উল্লেখ্য যে ৰাতিপুৱা ছাগলী চুৰিৰ অভিযোগত এটা চোৰক আটক কৰি থানাত আনিছিল। থানাৰ পৰাই চোৰটো পলায়ন কৰি বজাৰলৈ ওলাই আহিছিল। থানাৰ পৰা পলায়ন কৰা চোৰটোক ৰাইজে কৰায়ত্ত কৰাৰ সময়ত সাংবাদিকে ভিজুৱেল লোৱাৰ সময়ত সংঘটিত হয় এই ঘটনাটো।
ভূক্তভোগী সাংবাদিক গৰাকীয়ে ঘটনাটোৰ আৰক্ষী সঞ্চালক প্ৰধানৰ হস্তক্ষেপ দাবী কৰিছে।