লখিমপুৰ জিলাৰ গড়মুৰ সোণাপুৰত বৈজ্ঞানিক পদ্ধতিৰে ভূঁইৰোপন।

লখিমপুৰ জিলাৰ গড়মুৰ সোণাপুৰত তেজপুৰ সামাজ সেৱা সংগঠন TSSSৰ উদ্যোগত বৈজ্ঞানিক পদ্ধতিৰে ভূঁইৰোপন প্ৰদৰ্শন।

শুক্ৰবাৰে, গড়মুৰ সোণাপুৰত কৃষি বিজ্ঞান গৱেষণা কেন্দ্ৰৰ সহযোগত তেজপুৰ সমাজ সেৱকৰ সহযোগত IRRI লখিমপুৰ kVK আৰু RARS ৰ যৌথ প্ৰচেষ্টাত আদৰ্শ খেতিয়ক সকলক কৃষিৰ ক্ষেত্ৰখনত আগুৱাই নিয়াৰ লক্ষ্যৰ লগতে নিবনুৱা সকলে কম কষ্টত কেনেদৰে ধানখেতি কৰি উপকৃত হব পাৰিব, কম খৰছত অধিক উৎপাদন কৰিব পাৰি তাৰে প্ৰচাৰ চলোৱা হয়।

কৃষি বিজ্ঞান কেন্দ্ৰই বৈজ্ঞানিক পদ্ধতিৰে নতুন ভূঁইৰোপন কৰা যন্ত্ৰৰে কঠিয়া ১৫ৰ পৰা ২০ দিনৰ ভিতৰত ৰোপন কৰিব পৰা যায় বুলিওঁ প্ৰকাশ কৰে।

এই যন্ত্ৰৰ সহায়ত একবিঘা মাটি ভূঁই ৰোপন কৰোতে মাত্ৰ ৪৫ মিনিট সময়ৰ প্ৰয়োজন বুলিওঁ জানিব দিয়ে, তাৰ লগতে ৫ কেজি ধানৰ কঠিয়াই একবিঘা খেতি মাটিত ৰোপন কৰিব পাৰি বুলিওঁ অৱগত কৰে।

মাত্ৰ ৩জন মানুহৰ দ্বাৰাই এই ভূঁইৰোপন কৰা যন্ত্ৰৰে এদিনত ১০ৰ পৰা ১২ বিঘা মাটিত ভূঁই ৰূপন কৰিব পাৰি।

আজি গড়মূৰ সোণাপুৰত ৰাইজক আকৰ্ষিত কৰিবৰ বাবে ৭বিঘা মাটিত ভূঁই ৰোপন কৰাত কৃষিবিজ্ঞান কেন্দ্ৰৰ আন্তৰাষ্ট্ৰীয় ধানখেতি অধ্যয়ন কেন্দ্ৰৰ চঞ্জয় কুমাৰ যাদৱ উপস্থিত থকাৰ লগতে তেজপুৰ সমাজ সেৱা সংগঠনৰ (TSSS)এজেঞ্চিৰ তিৰ্কী লগতে NGO লখিমপুৰ BMZ Global program India ৰ কৰ্ম্মকতা সকল উপস্থিত থাকি কৃষক সকলক প্ৰশিক্ষণ প্ৰদান কৰে।