অব্যাহত আছে লক্ষিমপুৰ, ফুলবাৰী ভিতৰিপামত বনৰীয়া হাতীৰ সন্ত্ৰাস।
ধ্বংস কৰিথৈ যায় দুটাকৈ পৰিয়ালৰ বাস গৃহৰ লগতে ধান চাউলও ।
দুবেলা দুমুঠি যেনে তেনে খায় বৈ জীয়াই থকা লখিমপুৰ জিলাৰ ফুলবাৰী ভিতৰি পাম গাঁৱৰ তিকা প্ৰসাদ উপাধ্যায় আৰু বগীমাই ৰায় নামৰ দুটাকৈ পৰিয়ালৰ দুটাকৈ বাস গৃহ সম্পূৰ্ণ ৰূপে ভাঙি সন্ত্ৰাস সৃষ্টি কৰে খাদ্য সন্ধানত অৰণ্যৰ পৰা নামি অহা এজাক বনৰীয়া হাতীয়ে। কথমপিহে প্ৰাণৰক্ষা পৰে পৰিয়াল দুটিৰ ।
হাৰমতি বনবিভাগৰ অধীনৰ ফুলবাৰী খণ্ড বনবিষয়াৰ কাৰ্য্যালয় অৰ্ন্তগত ৰঙা ৰিজাৰ্ভৰ দাঁতিকাষৰীয়া অঞ্চল ভিতৰি পাামকে ধৰি ফুলবাৰীৰ বিভিন্ন অঞ্চলত আজি বহুদিনধৰি সন্ত্ৰাহ সৃষ্টি কৰি আহিছে ।