যোৰহাট জিলাৰ মৰিয়নিত পথ নিৰ্মাণ আৰু মেৰামতিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী

মৰিয়নিঃ যোৰহাট জিলাৰ মৰিয়নিত পথ নিৰ্মাণ আৰু মেৰামতিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী।

মৰিয়নিৰ চেলেংহাটত ধোদৰ আলিৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী “বৈছাহাবি আলি” পুনঃনিৰ্মাণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত অৱস্থান ধৰ্মঘট সাব্যস্ত কৰে।

মৰিয়ণি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কূৰ্মীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠে স্থানীয় ৰাইজ।

চেলেংহাট আৰু পদূমণি অঞ্চলৰ অৰ্দ্ধ-শতাধিক পুৰুষ মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ।

পদুমনি চাৰিআলিৰ বৈছাহাবি পথৰ ওপৰত সাব্যস্ত কৰে প্ৰতিবাদ। ১১ নং পুৱ লাহিং গাঁও পঞ্চায়ত আৰু ১২ নং লাহিং গাঁও পঞ্চায়তৰ অন্তৰ্গত গ্ৰাম্য পথৰ মেৰামতিৰ দাবীত প্ৰতিবাদ।

প্ৰতিবাদস্থলীত উপস্থিত সহকাৰী খণ্ড উন্নয়ন বিষয়াৰ যোগেদি মূখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ প্ৰতিবাদকাৰীৰ।