যোৰহাট জিলাত পোন প্ৰথমবাৰৰ বাবে  উদযাপন কৰা হৈছে যোৰহাট দিৱস

মৰিয়নিত উলহ মালহেৰে যোৰহাট দিৱসৰ শুভাৰাম্ভ, প্ৰথম দিনাৰ কাৰ্যসূচী বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা।

মৰিয়নি: তিনিদিনীয়া কাৰ্যসূচীৰে যোৰহাট জিলাত পোন প্ৰথমবাৰৰ বাবে  উদযাপন কৰা হৈছে যোৰহাট দিৱস। এই উপলক্ষে আজি জিলা খনৰ  অন্তৰ্গত প্ৰতিতো সমষ্টি তথা ৰাজহ চক্ৰত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে।

যোৰহাট দিবসৰ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে আজি মৰিয়নি নগৰৰ লগতে গ্ৰাম্য অঞ্চলত থকা বৰেন্য ব্যক্তি সকলৰ প্ৰতিমূৰ্তীত স্থানীয় জেষ্ঠ নাগৰিকৰ দ্বাৰা  মাল্যৰ্পন কৰাৰ লগতে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

সাংস্কৃতিক শোভাযাত্ৰাত মৰিয়নি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কুইন গগৈৰ লগতে বিষয়া কৰ্মছাৰিৰ উপৰি মৰিয়নিৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পাঁ‌চ শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী, সকলে অংশ গ্ৰহন কৰে।

মৰিয়নি নগৰ ৰাজহুৱা প্ৰেক্ষাগৃহৰ সন্মূখৰ পৰা আৰাম্ভ হোৱা সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰাম্ভ কৰে বিধায়ক ৰুপজ্যোতি কুৰ্মীয়ে।