যোৰহাটঃ যোৰহাটত স্বাধীনতা যুঁজাৰু বাহাদুৰ গাওঁবুঢ়া আৰু ফৰমুদ আলি স্মাৰক বঁটা প্ৰদান অনুষ্ঠান, বিশিষ্ট সাংবাদিক – সাহিত্যিক টেৰেছা ৰহমান আৰু কাৰু শিল্পী মোহন শইকীয়াক বঁটা প্ৰদান।
যোৰহাট চেণ্ট্ৰেল ক্লাৱৰ উদ্যোগত সোমবাৰে আচিয়ানা ভৱনত অনুষ্ঠিত হয় বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান । স্বাধীনতা যুঁজাৰু বাহাদুৰ গাঁওবুঢ়া আৰু ফৰমুদ আলি স্মাৰক বঁটা প্ৰদান কৰা হয় অসমৰ দুগৰাকী বিশিষ্ট ব্যক্তিক ।
ৰাষ্ট্ৰীয়- আন্তৰাষ্ট্ৰীয় পয্যায়ত কেইবাটাও বঁটাৰে সন্মানিত হোৱা বিশিষ্ট সাংবাদিক- সাহিত্যিক টেৰেছা ৰাহমনক যোৰহাট চেণ্ট্ৰেল ক্লাৱে প্ৰদান কৰে স্বাধীনতা যুঁজাৰু বাহাদুৰ গাওঁবুঢ়া স্মাৰক বঁটা। লগতে বিশিষ্ট কাৰু শিল্পী মোহন শইকীয়াক প্ৰদান কৰা হয় স্বাধীনতা যুঁজাৰু ফৰমুদ আলি স্মাৰক বঁটা।
উল্লেখ্য যে, বিশিষ্ট সাংবাদিক ৰীয়াৰাণী দত্ত আৰু চেণ্ট্ৰেল ক্লাৱৰ সম্পাদক তৌফিকুল হুছেইনে আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানতো পৰিচালনা কৰে ক্লাৱৰ সভাপতি নাৱাজ আহমদে । উক্ত অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটোত বাহাদুৰ গাওঁবুঢ়া আৰু ফৰমুদ আলিৰ সম্পৰ্কত সম্বদ্ধিত ব্যক্তি টেৰেছা ৰহমান আৰু মোহন শইকীয়াই বক্তব্য প্ৰদান কৰাৰ লগতে স্থানীয় যুৱক পাৰভেজ হুছেইন, প্ৰেৰণাৰ অধ্যক্ষ চায়েৰা ৰাহমনেও বক্তব্য প্ৰদান কৰে।
অনুষ্ঠানটোত যোৰহাটৰ বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।