যোৰহাটত সাংবাদিক উৎপল বৰাক শাৰীৰিকভাৱে প্ৰহাৰ কৰা ঘটনাক লৈ আমগুৰিত প্ৰতিবাদ

যোৰহাটত সাংবাদিক উৎপল বৰাক শাৰীৰিকভাৱে প্ৰহাৰ কৰা ঘটনাক লৈ আমগুৰিত প্ৰতিবাদ।

শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সংঘই আমগুৰি নগৰৰ চাৰিআলিত গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী।

আমগুৰিৰ বহুকেইটা জাতীয় দ’ল-সংগঠনৰ সহযোগ প্ৰতিবাদী কাৰ্যসূচীত ৰূপায়ন কৰা হ’য়।

অসমীয়া যুৱ মঞ্চ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আটাছু, আছু, আহোম সেনা, টাই আহোম যুৱ পৰিষদ, সামাজিক মঞ্চ পোহৰকে ধৰি বহুকেইটা সংগঠনৰ সহযোগ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহন কৰে।

শিৱসাগৰ জিলা প্ৰেছ ক’ৰেছপণ্ডেটছ এচ’চিয়েচন, গৌৰীসাগৰ প্ৰেছ ক্লাৱ, চেলেংহাট
প্ৰেছ ক্লাৱৰো সহযোগিতা প্ৰতিবাদী কাৰ্যসূচীত।

আমগুৰি চাৰিআলিত শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সংঘই প্ৰতিবাদৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে শিৱসাগৰ জিলা উপায়ুক্ত লৈ আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ যোগেদি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

স্মাৰক পত্ৰত উজনি অসমৰ ব্যুৰ চীফ উৎপল বৰাক শাৰীৰিকভাৱে প্ৰহাৰ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক শীঘ্ৰে দৃৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে।